
ঢেকীয়াজুলিঃ অসমত বিগত নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে প্ৰতিশ্ৰুতি দিছিল যে ৰাজ্যৰ আদিবাসী তথা চাহ জনগোষ্ঠীয় লোকসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে তেওঁলোকে কাম কৰিম ৷ জনজাতিকৰণ, চাহশ্ৰমিকসকলক মালিক পক্ষৰ শোষণৰ পৰা মুক্তি, মজুৰি বৃদ্ধি কৰা আদি আছিল দলটোৰ প্ৰতিশ্ৰুতি৷
নিৰ্বাচনৰ পিছত ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হ’ল, চৰকাৰখনে প্ৰায় ডেৰ বছৰ কাল ৰাজত্ব কৰিছে কিন্তু প্ৰতিশ্ৰুতি পূৰণৰ প্ৰচেষ্টা শূন্য৷ এনেদৰেই বিজ্ঞপ্তি প্ৰদান কৰি অহিংসাৰ পূজাৰী মহাত্মাৰ প্ৰতিচ্ছবি সন্মুখত লৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ছহীদ নগৰী ঢেকীয়াজুলিত কেন্দ্ৰীয়ভাবে জনগোষ্ঠীটোক জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকাকৈ কৰাৰ দাবীত অামৰণ অনশনত বহিছিল ৷
♦ শ্ৰম আৰু শক্তি মন্ত্ৰী পল্লৱক দায়িত্বজ্ঞানহীন আখ্যা আছাৰ
♦ মুখ্যমন্ত্ৰীৰে দ্বিপাক্ষিক আলোচনাৰ লিখিত প্ৰতিশ্ৰুতি উপায়ুক্তৰ
♦ আছাক সংগ প্ৰদান ৰাজ্যসভাৰ সাংসদ শান্তিয়াজ কুজুৰৰ
আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু সম্পাদক দেবেন ওৰাংৰ নেতৃত্বত বিভিন্ন জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকলে যোৱা ২০ জুলাইৰ পৰা গ্ৰহণ কৰা অনশনৰ কাৰ্যসূচীয়ে ২৩ জুলাইৰ বিয়লিলৈকে অতিক্ৰম কৰিলে ৭২ ঘন্টা৷ অনশনস্থলীত অসুস্থ হৈ পৰিল কেইবাজনো ছাত্ৰ নেতা ৷
অনাহাৰত সভাপতি লাক্ৰাৰ শাৰীৰিক অৱস্থাৰ অৱনতি হোৱাৰ বাবে প্ৰশাসনে ভৰ্তি কৰালে তেজপুৰ মেডিকেল কলেজ হাস্পতালত ৷ পিছে সংগঠনটোৰ এই কঠোৰ গণতান্ত্ৰিক প্ৰতিবাদৰ এটি খবৰ ল’বলৈকো কাষত উপস্থিত নহ’ল চৰকাৰৰ এজনো প্ৰতিনিধি৷
আনহাতে ২৩ জুলাইৰ পুৱাৰ ভাগতে ছাত্ৰ সংগঠনটোৰ কাষত উপস্থিত হয় কংগ্ৰেছৰ এগৰাকী জেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ শান্তিয়াজ কুজুৰ৷ চাহজনগোষ্ঠীৰ নেতাগৰাকী আছাৰ অনশনস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চৰকাৰক সমালোচনা কৰে৷
বিশেষকৈ অসম চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ আশন অলংকৃত কৰা শক্তি আৰু শ্ৰম মন্ত্ৰী শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ বিধায়ক জনগোষ্ঠীটোৰ যুৱনেতা পল্লৱলোচন স্বজাতিৰ ছাত্ৰ সংগঠনটোৰ কাষত এবাৰ ভুমূকি মাৰিবলৈও নহাতো পৰিতাপৰ বিষয় বুলি সাংসদ কুজুৰে মন্তব্য কৰে ৷
ইফালে সাংসদগৰাকী যোৱাৰ পিছতেই অনশনস্থলীত উপস্থিত হয়হি শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ ডেকা আৰু জিলাৰ আৰক্ষী অধীক্ষক পি পি সিং৷ দুয়োগৰাকী জিলাপ্ৰশাসনৰ মুৰব্বীয়ে ছাত্ৰ সংগঠনটোৰ নেতৃত্বক মন্ত্ৰী পল্লৱলোচনে নিজৰ পেডত আছালৈ প্ৰেৰণ কৰা এখনি পত্ৰ প্ৰেৰণ কৰি অান্দোলন প্ৰত্যাহাৰৰ বাবে দাবী জনায় ৷
পিছে পল্লৱৰ পত্ৰই সলনি কৰিব নোৱাৰিলে আছাৰ নেতৃত্বৰ মন৷ নিজে এগৰাকী আদিবাসী সম্প্ৰদায়ৰ নেতা তথা চৰকাৰৰ মন্ত্ৰী হৈ জাতিটোৰ মুক্তিৰ বাবে সংগ্ৰাম কৰা ছাত্ৰ সংগঠনটোৰ কাষত সোঁ শৰীৰে আহি উপস্থিত হ’ব নোৱাৰা পল্লৱক দায়িত্বজ্ঞানহীন আখ্যা দিয়াৰ লগতে আছাৰ নেতৃত্বই একেমুখে মন্ত্ৰীগৰাকীক ধিক্কাৰ দিয়ে৷
ঢেকীয়াজুলি ৰাজহচক্ৰ কাৰ্যালয়ৰ সন্মুখত একেৰাহে তিনিদিন ধৰি আমৰণ অনশনৰ পাতনি মেলা আছাক অৱশেষত ২৩জুলাইৰ বিয়লি শোণিতপুৰৰ উপায়ুক্তই লিখিত প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দৰে কথা পতাই দিয়াৰ৷
জিলা উপায়ুক্তই ২৮ জুলাইত মুখ্যমন্ত্ৰীৰে আছাৰ প্ৰতিনিধিৰে সাক্ষাৎ কৰোৱাৰ লিখিত প্ৰতিশ্ৰুতি পোৱাৰ পিচত অনশনৰ কাৰ্যসূচী উঠাই লয় যদিও এয়া আন্দোলন স্থগিত ৰখা বুলিহে বিজ্ঞপ্তিৰ জৰিয়তে সম্পাদক দেবেন ওৰাঙে জানিবলৈ দিয়ে৷
লগতে সংগঠনটোৱে এই বুলিও কয় যে যদিহে অহা পোন্ধৰ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আলোচনাৰ মেজলৈ মাতি নি তেওঁলোকৰ মূল দাবী জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ব্যৱস্থা নকৰে তেনেহ’লে পুনৰ সমগ্ৰ ৰাজ্যতে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ছাত্ৰ সংগঠন আছাই ৷