মাজুলীঃ চৰকাৰৰ জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ ৰাজ পথলৈ ওলাই আহিছে ৰাজ্যৰ জনসাধাৰণ৷ ২০১৬ চনত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা বাংলাদেশী সংস্থাপনকে ধৰি চৰকাৰে কেইবাটাও জনবিৰোধী নীতি গ্ৰহণ কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰি অহাত ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ এইবাৰ পুনৰ ৰাইজ জাঙুৰ খাই পৰিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷

এইবাৰ বেটী পঢ়াও বেটী বচাও শ্ল’গান দিয়া বিজেপি দলৰ চৰকাৰে এখন নাৰী শিক্ষানুষ্ঠান বন্ধ কৰিব খোজাত জাঙুৰ খাই উঠিছে অসমৰ ৰাইজ৷ উজনি নামনিৰ লোকে এতিয়া নাৰী উচ্চ শিক্ষানুষ্ঠানখন বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে৷ 

যোৱা দুটা দিনত ৰাজ্যৰ বিভিন্ন ঠাইত দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে বৃহস্পতিবাৰে উচ্চ শিক্ষানুষ্ঠানখন বন্ধ কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰি মাজুলী মহকুমা আছুৱে উত্তাল কৰে সত্ৰনগৰী মাজুলী৷ 

মাজুলী মহকুমা ছাত্ৰ সন্থাই বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ চৰকাৰে অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব খোজাত ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে৷ কোনো কাৰণত মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব নিদিয়াৰ হুংকাৰ দি ৰাজ পথ উত্তাল কৰে আছুৱে৷ 

মাজুলীৰ গড়মূৰ, জেংৰাই, নামনি মাজুলী, দক্ষিণ মাজুলী, কমলাবাৰী, ভকতিদুৱাৰ, গেজেৰা, বনগাঁও আদি ঠাইত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ’ বেক, অসম চৰকাৰ হায় হায়, মহিলা বিশ্ববিদ্যালয় বিলুপ্তিকৰণ নচলিব আদি শ্ল’গানেৰে উওাল কৰে ছাত্ৰ সন্থাৰ সদস্যসকলে।

নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰি তাৰ ঠাইত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াৰ বাবে উঠিপৰি লাগিছে চৰকাৰ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে ৰাজ্যত৷ 

দেশৰ সম্পদ ক্ৰমান্বয়ে পুঁজিপতিৰ হাতলৈ যোৱাৰ লগতে ৰেল ষ্টেছনৰ পৰা আৰম্ভ কৰি দেশৰ চৰকাৰী খণ্ডৰ উদ্যোগ-বিদ্যালয় এতিয়া পুঁজিপতিক গতাবলৈ সাজু বুলি দেশৰ চৰকাৰ সমূহ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে৷ 

দেশৰ লোকে দি অহা কৰৰ টকা এতিয়া পুঁজিপতিয়ে নিজ বেংকৰ ভৰাই লৈ বিদেশলৈ পলায়ন কৰিব ধৰিছে৷ কিন্তু সাধাৰণ লোকে এসাজ ভাত, সন্তানৰ শিক্ষাৰ বাবে আৰ্তনাদ কৰিব লগা হৈছে৷

২০১৬ চনৰ পিছৰে পৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া ৰাইজে প্ৰতিদিনে ৰাজ পথলৈ ওলাই আহি থাকিব লগা হৈছে৷ সেয়া হিন্দু বাংলাদেশীৰ সমস্যাই হওক নতুবা অসমত দিন দয়ালৰ নামত বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্তই হওক৷ চৰকাৰ খনে জনমত বিৰোধী কাম-কাজত লিপ্ত হৈ থকাৰ অভিযোগত ৰাইজে প্ৰতিবাদ কৰি আহিছে৷

চৰকাৰখনৰ এতিয়া এটাৰ পাছত আন এটা যেন হঠকাৰী সিদ্ধান্তই ৰাইজক ক্ষোভিত কৰি ৰাখিছে৷ এইবাৰ নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰি তাৰ ঠাইত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াৰ বাবে উঠিপৰি লাগিছে চৰকাৰ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে ৰাজ্যত৷

উল্লেখ্য যে, ২০১৪ চনত স্থাপন কৰা নাৰীৰ শিক্ষানুষ্ঠান বিশ্ববিদ্যালয় খনৰ উপাচার্যৰ লগতে স্থায়ী শিক্ষক আৰু স্থায়ী পঞ্জীয়ক আজিলৈ নাই। অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে শীঘ্ৰে উপাচার্য নিযুক্তিৰ দাবীত জনাই আহিছে৷ ছাত্ৰীসকলে সোমবাৰৰ পৰা ৩৬ ঘন্টীয় অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্ৰীসকলে প্ৰধানমন্ত্ৰীকে ধৰি মুখ্যমন্ত্ৰী-শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷

শতাধিক ছাত্ৰীয়ে মঙলবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হাতে হাতে বেনাৰ পোষ্টাৰলৈ প্ৰতিবাদ সাব্যস্ত কৰি ৩০ এপ্ৰিলৰ ভিতৰত উপাচার্য নিযুক্তিৰ সময়সীমা বান্ধি দিয়ে। চৰকাৰে বিশ্ববিদ্যালয়খনক কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান কৰাৰ চিন্তা কৰে৷ বিশ্ব নাৰী দিৱসক বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে কলা দিৱস হিচাপে পালন কৰিছিল।

ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৪ চনত তেওঁ কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে গগৈ চৰকাৰে মুকলি কৰা অসম মহিলা বিশ্ববিদ্যালয় খন বিভিন্ন খাম খেয়ালি থকাৰ কথা উল্লেখ কৰি উপাচার্য নথকাকৈ এখন বিশ্ববিদ্যালয় হ’ব নোৱাৰে বুলি কৈ অসম মহিলা বিশ্ববিদ্যালয়ে প্ৰদান কৰা চাৰ্টিফিকেট অবৈধ আছিল বুলি কৈ একপ্ৰকাৰ বিশ্ববিদ্যালয় খন বন্ধৰ পোষকতা কৰে৷