গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেবাইখনো গাঁও বানৰ কবলত পৰি হাহাকাৰ কৰি থাকিব লগা হৈছে৷ প্ৰশাসনে পৰ্যাপ্ত সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে দল-সংগঠন ওলাই আহিল বানপীড়িতক সহায় কৰাৰ বাবে৷

১৫ আগষ্টত গোৰেশ্বৰ আঞ্চলিক আছু আৰু আক্ৰাছুৱে নাওকাটাৰ বগৰীবাৰী আৰু নাটকুছি গাঁৱত বান সাহায্য বিতৰণ কৰে। ছাত্ৰ সংগঠন দুটাই বান বিধ্বস্ত গাঁও দুখনত বিস্কুত, চেনী, চিৰা,  গুৰ আদি সামগ্ৰী বিতৰণ কৰে৷

পুঠিমাৰি নৈৰ বাঢ়নী পানীয়ে বগৰীবাৰীত মথাউৰি ছিঙি নিয়াৰ ফলত অঞ্চলটোত বিস্তৰ ক্ষতিসাধন হয়। কৃষি পথাৰৰ লগতে বাসগৃহ আৰু পশুধনৰো ক্ষতি সাধন হয়। ৰাজ্য চৰকাৰ তথা বিটিএডি কৰ্তৃপক্ষই বানাক্ৰান্তক সাহায্য দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনদুটাই৷