
নলবাৰীঃ নলবাৰী চহৰস্থিত নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান এম এন চি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ৰাষ্ট্ৰীয়তাবাদী ছাত্ৰ সংগঠনক বিধ্বস্ত কৰি জাতীয় সংগঠন আছুই দখল কৰিবলৈ সক্ষম হয়। আজি সন্ধিয়া ঘোষিত ফলাফল অনুসৰি শিক্ষানুষ্ঠান খনৰ নিৰ্বাচনত আছু সমৰ্থিত সাধাৰণ সম্পাদিকা পদত ৰিমজিম ভূঞা, সহ সাধাৰণ সম্পাদিকা পদত ভূপালি বৰ্মন, গুৰু খেল সম্পাদিকা পদত মামনি বেগম আৰু লঘু খেল সম্পাদিকা পদত পূৱালী বৈশ্যই জয় লাভ কৰে।
জয় লাভ কৰা ছাত্ৰী সকলক নলবাৰী আছুৰ কাৰ্যালয়লৈ সমদল কৰি আনি সম্বৰ্ধনা জনোৱা হয়। আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন, উপদেষ্টা চন্দন হালৈ, জিলা সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, ছাত্ৰ নেতা শশাংক দত্ত, ভবজিত বেজবৰুৱা, ৰুবুল বৰ্মন, নীলকমল বৰ্মন সহ আছুৰ নেতা-নেত্ৰী সকলে শুভেচ্ছা জ্ঞাপন কৰে।
ইফালে এম এন চি মহাবিদ্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও তিনিটাকৈ পদত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জয় লাভ কৰি সংগঠনটোৰ শক্তি প্ৰদৰ্শন কৰে। আলোচনী সম্পাদিকা ভনিতা শৰ্মা, সমাজসেৱা সম্পাদিকা মমিনা বেগম আৰু মিউজিক সম্পাদিকা জ্যোতিস্মিতা হালৈয়ে যুৱ ছাত্ৰ পিৰষদৰ পৰা প্ৰত্দ্বন্দিতা কৰি বৃহৎ ভোটৰ ব্যৱধানত জয় লাভ কৰে।
জয় লাভ কৰা তিনিওগৰাকী ছাত্ৰীক যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিখনে সম্বৰ্ধনা জনায়৷ উপদেষ্টা ব্ৰজেন চৌধুৰী, সভাপতি মৃণাল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মা, উপ সভাপতি প্ৰণৱ তালুকদাৰ, যুটীয়া সম্পাদকদ্বয় পাৰ্থ প্ৰতীম শৰ্মা, নিৰোদ দাস, বিত্ত সম্পাদক যোগেশ কলিতা, সাংস্কৃতিক সম্পাদক প্ৰণৱজ্যোতি কলিতা, নলবাৰী চহৰ সমিতিৰ সভাপতি কৌশিক বৰ্মন, সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা সহ বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰে। শিক্ষানুষ্ঠানখনত জাতীয়তাবাদী শিবিৰৰ জয়ত নলবাৰীত আজি এক আনন্দৰ পৰিবেশ হয়।