♦ ১৯৯৮ চনতে পিল্লাইৰ অধ্যক্ষতাত গঠন হৈছিল সমিতি

♦ পিল্লাই সমিতিত আছুক প্ৰতিনিধিত্ব কৰাসকলৰ ভিতৰত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো 

♦ কংগ্ৰেছৰ সাংসদ তথা জে পি চিৰ সদস্য ভুবনেশ্বৰ কলিতাক ধন্যবাদ আছু নেতৃত্বৰ 

গুৱাহাটীঃ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অসমীয়া জনতাৰ মনত থকা আবেগক হাথিয়াৰ কৰি ক্ষমতালৈ অহা বি জে পিয়ে হিন্দু বাংলাদেশীক বৰপীৰাত বহুৱাবলৈ নাগৰিকত্ব সংশোধনী বিধেকখন লোকসভাত উত্থাপনৰ কৰিবলৈ বিচাৰি ঐতিহাসিক অসম চুক্তিক নস্যাৎ কৰিছে। আনহাতে, অসমীয়াৰ আৱেগক প্ৰশমিত কৰিবলৈ নিকৃষ্ট ৰাজনীতিৰে একেখন অসম চুক্তিৰে ষষ্ঠ দফা ৰূপায়নৰ কৰাৰ নামত নৰেন্দ্ৰ মোডী চৰকাৰৰ কেবিনেটে উচ্চ স্তৰীয় সমিতি গঠনৰ নাটক আৰম্ভ কৰিছে।

এয়াই আছিল সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে স্বহীদ ন্যাস ভৱনত আয়োজন কৰা সংবাদ মেলৰ মূল কথা।  

যোৱা চাৰি বছৰে  অসম চুক্তিক ধোঁৱাচাঙত তুলি থোৱা মোডী চৰকাৰে হঠাতে অসম চুক্তি কাৰ্যকৰি কৰিব লাগে বুলি চেতনা পালে। এনেদৰে কয় আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। অসম চুক্তি কৰ্যকৰণত মোডী চৰকাৰৰ আন্তৰিকতা থকা হ'লে ছয় নম্বৰ দফা কাৰ্যকৰি কৰিবলৈ এখন সমিতি থকাৰ সময়তে পুনৰ আৰু এখন সমিতি গঠন কৰিব বুলি চৰকাৰে উল্লেখ নকৰিলেহেঁতেন।

ভট্টাচাৰ্যই সোঁৱৰাই দিয়ে যে অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে ১৯৯৮ চনতে গৃহ মন্ত্ৰণালয়ৰ তদানীন্তন যুটীয়া সচিব জি কে পিল্লাইৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰি অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টো বিবেচনা কৰিবলৈ দায়িত্ব দিয়া হৈছিল।

এই সমিতিত কেন্দ্ৰীয় চৰকাৰৰ ৪ জন, অসম চৰকাৰৰ ৩ জন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৩ জন প্ৰতিনিধি আছেই আৰু সেই সমিতিখনে কেইবাবাৰো সমগ্ৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰিছে। বিধানসভা, নিগম-নিকায় আদিত খিলঞ্জীয়া বাবে আসন সংৰক্ষণৰ ভিত্তিবৰ্ষ ১৯৫১ চন হ'ব লাগে বুলি আছুৱে সমিতিখনৰ আগত ইতিমধ্য দাবী জনাইছে।

ইয়াৰ পাছতো কেন্দ্ৰীয় চৰকাৰে পুৰণা কমিতিখন ভংগ কৰি নতুন কমিতি গঠন কৰিবলৈ ওলোৱা কাৰ্য প্ৰকৃততে অসম চুক্তি ৰূপায়ণত চৰকাৰৰ পশ্চাৎগমনৰ বাদে আন একো নহয়।  

আটাইতকৈ ডাঙক কথাটো এই যে পিল্লাই সমিতিত আছুক প্ৰতিনিধিত্ব কৰাসকলৰ ভিতৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো আছে বুলি ভট্টাচাৰ্যই প্ৰকাশ কৰে।

সংবাদ মেলতে আছু সভাপতি দীপাংকৰ নাথে কয় যে কেন্দ্ৰীয় চৰকাৰে অসমীয়া জাতিলৈ বিপদ নমাই অনা ভয়ংকৰ বিধেয়ক সংসদত উত্থাপন কৰিবলৈ লোৱা পাছতেই এতিয়া সমগ্ৰ অসমবাসীয়ে চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰাৰ উমান পাই এইয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অসমবাসীক শান্ত কৰাৰ এটা 'টোপ' বুলিও অভিহিত কৰে।

সেইবাবে আছু নেতৃত্বই সমগ্ৰ অসমবাসীক আহ্বান জনায় কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এই মিছা প্ৰতিশ্ৰুতিত যাতে ভোল নাযায়।

ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰি আছু উপদেষ্টাগৰাকীয়ে কয় যে অসম চুক্তি মূল ৰূপায়ণ কৰাৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ। এই বিষয়টোত গুৰুত্ব দিয়া চৰকাৰৰ দায়িত্ব। নতুন সমিতি গঠন নকৰি পূৰ্বৰ পিল্লাই সমিতিৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ বাবেও কঠোৰভাৱে সকীয়াই দিয়ে।

ইয়াৰ উপৰি এই সংবাদমেলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ ভাষাৰে সমালোচনা কৰে আছু নেতৃত্বই তেওঁলোকে কয় যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোট ভিক্ষা কৰোতে যি জন মানুহে ১৬ মে'ৰ পাছত বাংলাদেশীয়ে অসম এৰিব লাগিব বুলি ঘোষণা কৰিছিল সেইজন মানুহে আজি ৪ বছৰে বাংলাদেশীক বিতাড়িত কৰাটো দূৰৰে কথা, ভাৰত-বাংলাদেশ সীমান্তকে সম্পূৰ্ণৰূপে ছীল কৰিব নোৱাৰিলে।

সংবাদ মেলতেই আছু নেতৃত্বই প্ৰথমবাৰৰ বাবে ধন্যবাদ জনায় কংগ্ৰেছৰ সাংসদ তথা জে পি চিৰ সদস্য ভুবনেশ্বৰ কলিতাক। আছু নেতৃত্বই কয় যে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে কংগ্ৰেছৰ সাংসদজনে বৈঠকত আৰু সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসীৰ আগত সাহসেৰে তুলি ধৰিলে, তাৰ বাবে ভুবনেশ্বৰ কলিতা ধন্যবাদৰ পাত্ৰ।