
মাজুলীঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মাজুলীৰ ভিন্ন স্থানত মাজুলী মহকুমা ছাত্ৰ সন্থা আৰু আঞ্চলিকক ছাত্ৰ সন্থাই নিজ নিজ অঞ্চল সমূহত নাগৰিকত্ব সংশোধনী আইন ২০১৬ ৰ প্ৰতিলিপি দাহ কৰে৷
মাজুলী মহকুমা আছুৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাৰ নেতৃত্বত ভিন্ন স্থানত জ্বলিল বিলৰ প্ৰতিলিপি৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সূৰ্য কুমাৰ ভূঞাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰ খনে অসমীয়া জাতিটোক চৰম প্ৰতাৰণা কৰিছে৷
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ খনে অসমীয়াৰ আৱেগ অনুভূতিক কুঠাৰৰে আঘাত কৰি চৰম প্ৰতাৰণা আৰু অন্যায় কৰিছে৷ মুখ্যমন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰিব লাগে তেওঁ অসমৰ ৰাইজৰ পক্ষত নে অবৈধ বিদেশীৰ পক্ষত বুলি প্ৰশ্ন তোলে। লগতে ভূঞাই চৰকাৰক সমালোচনা কৰি কয় জাতিটোক কৰা প্ৰতাৰণাৰ ফল চৰকাৰখনে ভোগ কৰিব লাগিব আৰু পৰিণতি ভয়ংকৰ হ’ব৷
মহকুমা আছুৰ উপদেষ্টা পবিত্ৰ গোস্বামীয়ে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে অসম চৰকাৰখনে গাদী ৰক্ষাৰ স্বাৰ্থত কেন্দ্ৰৰ ওচৰত আঠুলোৱা নীতি পৰিহাৰ কৰি অসমীয়া জাতিটোৰ হৈ কাম কৰক৷ জাতিটো ৰক্ষা কৰক অন্যথা ভয়ানক পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাজু হওঁক অসম চৰকাৰ৷
জাতি-মাটি-ভেটিৰ শ্ল’গানেৰে শাসনৰ গাদী লোৱা চৰকাৰে জনতাৰ মতক চূড়ান্তভাৱে বুঢ়া আঙুলি দেখুৱাই দাম্ভিকভাৱে কাম কৰিলে কোনো কাৰণতে ছাত্ৰ সন্থাই এই নীতি মানি লোৱা নহ’ব বুলি মুখ্যমন্ত্ৰীৰ সমষ্টিৰপৰা সকীয়াই দিয়ে৷ আছুৰ এই কাৰ্যসূচী গড়মূৰত বিদ্যুত শইকীয়া আৰু কাকু বৰা জেংৰাইত দিগন্ত বৰুৱা আৰু অবিনাশ বৰা পূৱ মাজুলীত অনন্ত দাস আৰু কাকুমনি কলিতা ভকতিদুৱাৰত দীপক টায়ে আৰু বিমান বৰা কমলাবাৰীত দীপক নেওগ, পংকজ বৰুৱা আৰু প্ৰাঞ্জল শইকীয়া নামনি মাজুলীত ৰংগৰস মহন্ত আৰু কুশল হাজৰিকা গেজেৰাত উত্তম বৰা আৰু দেউজান মিলিৰ নেতৃত্বত বিভিন্ন স্থানত আছুৱে এই বিলৰ দাহ কাৰ্যসূচী ৰূপায়ণ কৰে৷