
কাজলগাঁওঃ সদৌ অসম ছাত্ৰ সন্থাৰ চিদলী আঞ্চলিক সমিতিয়ে মঙলবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অঞ্চলটোৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷
বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থজিত ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত অতিথিৰূপে উপস্থিত থাকি শিক্ষাবিদ, সাহিত্যিক, সাংবাদিক অমৃত নাৰায়ণ পাটগিৰি, চিদলী-কাশীকোট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰাজিত চন্দ্ৰ ৰায়, চিদলী ৰাজা অজিত নাৰায়ণ হাইস্কুলৰ প্ৰধান শিক্ষক দণ্ডধৰ দেৱ আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নৱজ্যোতি ৰায় সমাজ কৰ্মী দুৰ্গেশ্বৰ বৰ্মণ, ভগৱান বৰুৱা, গাঁওবুড়া ৰাণুশংকৰ চৌধুৰী উপস্থিত থাকে৷
সভাত ২০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়৷ ৰাজা অজিত নাৰায়ণ হাইস্কুল প্ৰাংগণত অনুষ্ঠিত সভাত ভালে সংখ্যক অভিভাৱকৰ লগতে ৰাজা অজিত নাৰায়ণ হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী সকল উপস্থিত থাকে৷