
newsnextone.com | বিহালীঃ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকল আকৌ এবাৰ সাঁজু হৈছে পৰীক্ষাৰ বাবে৷ ব্যাপক উৎকণ্ঠাৰ অন্ত পেলাই হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে অহাবাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বহিবলগীয়া ছাত্ৰ-ছাত্ৰীসকল সাঁজু হৈছে৷
এতিয়া মাথো অধ্যয়নত ব্যস্ত হ’ব ছাত্ৰ-ছাত্ৰী৷ তাৰ মাজতে সমাজৰ সকলো প্ৰকাৰৰ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ বাবে আছুই অনুষ্ঠিত কৰে শৈক্ষিক সভা৷ অসম-অৰুণাচল সীমান্তৰ বালিচাঙত পাভৈ আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিচাং শাখা ছাত্ৰ সন্থাই বালিচাং উচ্চ মাধ্যমিক বিদ্যালয়ত এখন শৈক্ষিক সজাগতা সভা অনুষ্ঠিত কৰে৷ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিণ্টু বৰাই পৰিচালনা কৰা সভাত বালিচাং অঞ্চলৰ বহু কেইগৰাকী বিশিষ্ট লোকৰ লগতে বিদ্যালয়ৰ শিক্ষক-সমাজ আৰু ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত থাকে৷
জিণ্টু বৰাই বৰ্তমান শিক্ষা ব্যৱস্থা আৰু বালিচাঙৰ দৰে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে তথ্য প্ৰযুক্তি বিদ্যা আহৰণ কৰিলেহে শৈক্ষিক জীৱনত সফলতা লাভ কৰি আগুৱাই যাব পাৰিব বুলি কয়৷
বালিচাঙৰ বিশিষ্ট সমাজকৰ্মী ৰত্নেশ্বৰ মহন্ত, বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক হৰি প্ৰসাদ শৰ্মা, নিত্যানন্দ শৰ্মা আৰু মুৰুলীধৰ চাহুয়ে, সমাজকৰ্মী-শিক্ষক তৰুণ বৰুৱা, ক্ষেমৰাজ ছেত্ৰী ভাষণ প্ৰদান কৰে৷ ছাত্ৰ সন্থাই দীৰ্ঘ দিন ধৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰা লগতে সজাগতা সভা অনুষ্ঠিত কৰাত ৰাইজে প্ৰশংসা কৰে৷
ছাত্ৰ-ছাত্ৰী ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত অবাধ হাৰত প্ৰচলিত হোৱা গুটখা বিক্ৰীত স্থানীয় ব্যবসায়ীসকলক বিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত ছাত্ৰ-ছাত্ৰীসকলক বিক্ৰী বন্ধ কৰাৰ বাবে একোখনকৈ পত্ৰ প্ৰদান কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে৷ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাত হেঙাৰ সৃষ্টি নহবলৈ অহা ০১-৩১ জুলাইলৈকে বিজ্ঞান, অংক আৰু ইংৰাজী বিষয়ত এমহীয়া বিনামূলীয়াকৈ পাঠদান প্ৰদান কৰিব বুলি কয় বালিচাং শাখা ছাত্ৰ সন্থাৰ সম্পাদক সুশীল তাঁতিয়ে৷