দুলীয়াজানঃ দুলীয়াজানত অইল ইণ্ডিয়াৰ চিকিৎসালয়ত জাতীয় সংগঠনৰ নেতাক আক্ৰমণ কৰাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থতিৰ৷ অইলৰ চিকিৎসালয়ত এগৰাকী ছাত্ৰ নেতাক চিকিৎসালয়ৰ সুৰক্ষা কৰ্মীয়ে আক্ৰমণ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তৈল নগৰী দুলীয়াজানত৷

চিকিৎসালয়ৰ ভিতৰতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা বুবুল তালুকদাৰক সুৰক্ষাকৰ্মীয়ে দুৰ্ব্যৱহাৰ কৰাৰ লগতে প্ৰহাৰ কৰে৷ সুৰক্ষাকৰ্মীৰ আক্ৰমণত আহত হয় ছাত্ৰ নেতা তালুকদাৰ৷

ঘটনাটোৰ খবৰ বিয়পি পৰাত উত্তেজনাই বিৰাজ কৰাৰ লগতে ছাত্ৰ সন্থাৰ নেতা-কৰ্মী তথা একাংশ স্থানীয় ৰাইজ চিকিৎসালয়ত উপস্থিত হৈ  প্ৰতিবাদ সাব্যস্ত কৰে৷

দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি  বুবুল তালুকদাৰে চিকিসালয়ত অসুস্থ মাহীয়েকৰ খবৰ ল’‍বলৈ গৈছিল বুলি জানিব পৰা যায়।