27
Jul
2017

হৰিশিঙাঃ অসম গ্ৰামীণ বিকাশ বেংকৰ হৰিশিঙা শাখা পুনৰাই সক্ৰিয় কৰাৰ দাবীত আজি স্থানীয় ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷ দীৰ্ঘ দিন ধৰি বেংকটোৰ কাম-কাজ বন্ধ হৈ থকাত বেংক কৰ্তৃপক্ষৰ সৈতে ৰাইজে বহুবাৰ আলোচনাত বহিছিল যদিও বেংক কৰ্তৃপক্ষই বেংকৰ শাখাটো সক্ৰিয় কৰাত গুৰুত্ব আৰোপ নকৰাত আজি হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাই বেংকৰ শাখাটোৰ সন্মুখত ধৰ্না কাযসূচী ৰূপায়ন কৰে৷
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৱে৷ কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে বেংকৰ শাখাটো শীঘ্ৰে কাৰ্য্যক্ষম কৰি তোলাৰ দাবী জনায়, অন্যথাই পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে৷