
লখিমপুৰঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ গুৱাহাটীত উপস্থিত হোৱাৰ সময়তে বানাক্ৰান্তক কাষত বহুৱাই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীত তাপ নিয়ন্ত্ৰিত কোঠাত ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কৰ সৈতে গুৱাহাটীত বৈঠকত মিলিত হৈ থকাৰ সময়তে উত্তৰ লখিমপুৰ আঞ্চলিক আছুৱে কেইবাশতাধিক বানাক্ৰান্তৰ উপস্থিতিত বানপীড়িতক প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷
জিলা শ্বহীদ ভৱন প্ৰাংগণত আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত কাৰ্যসূচীৰ জৰিয়তে গৰাখহনীয়া প্ৰতিৰোধ কৰা, বানাক্ৰান্তক ক্ষতিপূৰণ দিয়া, ৰঙানদী জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰা, বানত ক্ষতিগ্ৰস্ত বাট-পথ শীঘ্ৰে নিৰ্মাণ কৰা, বানত ধ্বংস হোৱা বিদ্যালয়সমূহ পুনৰ নিৰ্মাণ কৰি অনতিপলমে পাঠদান আৰম্ভ কৰা আদি দাবী জনাই আছুৱে৷ বানাক্ৰান্তৰ উপস্থিতিত আছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰে৷
নীপকোৰ এৰা পানীয়ে সৃষ্টি কৰা প্ৰলয়ংকাৰী বানৰ কবলত পৰি জিলাখনৰ কেইবাশতাধিক লোকৰ ঘৰ-বাৰী, ভৰালৰ ধান, গৰু-ছাগলী সহিতে সমস্ত হেৰুৱাই হাহাকাৰ কৰিব লগা হয়৷ ছাত্ৰ-ছাত্ৰীয়ে স্কুল-কলেজৰ কিতাপ-বহী, বিভিন্ন নথি-পত্ৰ হেৰুৱাই অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে৷