
গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে আজি ১১ বজাৰ পৰা ২ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যাসূচী ৰূপায়ণ কৰি লখিমপুৰৰ বানাক্ৰান্তক সাহায্য দিয়াৰ দাবী জনায়। সংগঠনটোৰ কেইবাশতাধিক কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷
অৱস্থান ধৰ্মঘটত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত থাকি ৰাজ্য চৰকাৰে মানুহৰ জীৱন আৰু সম্পত্তিৰ মূল্য নুবুজে বুলি অভিযোগ কৰে৷ আনহতে ছাত্ৰ সংগঠনটোৱে লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
আছুৱে লখিমপুৰ শ্বহীদ ভৱনৰ সন্মুখত ৰূপায়ণ কৰা কাৰ্যসূচীৰ জৰিয়তে লখিমপুৰ জিলাত প্ৰলয়ংকাৰী বান সৃষ্টি কৰা নীপকোৰ বান্ধ বন্ধ কৰা আৰু মানুহৰ জীৱন, সম্পত্তি ধ্বংস কৰা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে কঠোৰভাৱে তদন্ত কৰি সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সংগঠনটোৱে দাবী জনায়৷
লখিমপুৰ জিলাৰ বানৰ কবলত পৰা ৰাইজৰ বাবে এহেজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ লগতে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰঙানদী মথাউৰি পোন্ধৰ দিনৰ ভিতৰত মেৰামতি কৰিবলৈকো সংগঠনটোৱে দাবী জনায়।
ছাত্ৰ সংগঠনটোৱে জনোৱা আন দাবীসমূহৰ ভিতৰত আছে ঢকুৱাখানাৰ বানাক্ৰান্ত ৰাইজক উপযুক্ত খাদ্য-সামগ্ৰী প্ৰদান কৰা, সোৱণশিৰি নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা হাতত লোৱা, বানত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়সমূহৰ গৰম বন্ধৰ খোলাৰ আগতেই মেৰামতি কৰা।
বানত ক্ষতিগ্ৰস্ত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ কিতাপ আৰু সাজপাৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত যোগান ধৰা, বানপানীত ক্ষতিগ্ৰস্ত পথাৰত প্ৰয়োজনীয় কঠিয়া যোগান ধৰা, বানত ক্ষতিগ্ৰস্ত দুদ্ধপালক, মীনপালক, কৃষকক বেংকৰ ঋণ ৰেহাই দিয়া, বানাক্ৰান্ত অঞ্চলত উপযুক্ত স্বাস্থ্য শিবিৰ স্থাপনৰ ব্যৱস্থা কৰিবলৈকো দাবী জনায় সংগঠনটোৱে৷