ডিজিটেল ৰিপ'ৰ্টঃ ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিলীত স্বাক্ষৰিত অসম চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল৷ কিন্তু এই চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফা অদ্যপি কাৰ্যকৰীকৰণ হোৱা নাই। উল্লেখ্য যে ১৯৮৫ চনৰ চৈধ্য আগষ্টৰ নিশা তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত চৰকাৰৰ সংশ্লিষ্ট পক্ষ, সদৌ অসম ছাত্ৰ সন্থাৰ বিষববীয়া আৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বৰ মাজত স্বাক্ষৰিত হোৱা ঐতিহাসিক অসম চুক্তিৰ আধাৰত হ'ব লগা নিৰ্ধাৰিত দফা সমূহৰ কাৰ্যকৰীকৰণ আজিলৈ নোহোৱাত অসমবাসীয়ে অনুভৱ কৰে যে প্ৰকৃততে এয়া আছিল বিদেশী বিতাড়ন আন্দোলনৰ পৰিসমাপ্তিৰ এক পৰিকল্পিত টোপহে৷

১৪ দফীয়া অসম চুক্তিৰ অন্যতম দফাটোৱেই হ'ল ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অসমত কোনো অনুপ্ৰবেশকাৰীয়ে যাতে খোপনি পুতিব নোৱাৰে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সেইসকলক বহিষ্কাৰ কৰা হ'ব৷ কিন্ত অসমত নাগৰিকত্ব আইন ১৯৫৫ ৰ ৬ (ক) ধাৰা প্ৰয়োগ কৰিবলৈ চলোৱা কেন্দ্ৰীয় চৰকাৰৰ কুটিল ষড়যন্ত্ৰই দিল্লীৰ কেন্দ্ৰীয় চৰকাৰে যে অসম তথা অসমবাসীক মাহী আইৰ দৃষ্টিৰেহে চাই সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে৷

দিল্লী-দিছপুৰৰ চৰকাৰসমূহে অসম চুক্তিক লৈ কৰা কুটিল ষড়যন্ত্ৰৰ কৰাৰ লগতে ঐতিহাসিক চুক্তিখনৰ ৩২ বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো অসম চুক্তিৰ দফাসমূহ ৰূপায়ন নকৰা বুলি সময়ে সময়ে ক্ষোভ প্ৰকাশ কৰি আহিছে অসমৰ ৰাইজে৷ এই অনুযায়ী আজি সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমতে অগ্নিশিখা প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে৷

NNO বোকাজানঃ  সমগ্ৰ অসমৰ লগতে আছুৰ কাৰ্বি আংলং জিলা সমিতিয়ে বোকাজান আঞ্চলিক সমিতিৰ সহযোগত বোকাজানত আজি অগ্নিশিখা প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে৷ সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদীপ বৰাৰ নেতৃত্বত আৰু বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলৰ সহযোগত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৩২ গছিকৈ অগ্নিশিখা প্ৰজ্বলন কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক শীঘ্ৰেই বিদেশী সমস্যা সমাধান আৰু অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰাৰ দাবী জনায়৷ কাৰ্যসূচীত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্যপ্ৰদীপ বৰদলৈ, বোকাজান শাখা সাহিত্য সভাৰ সভাপতি তিলেশ্বৰ হাজৰিকা, ইষ্টাৰ্ণ কাৰ্বি আংলং মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ ৰত্নজিৎ গগৈ আৰু প্ৰশান্ত গগৈকে ধৰি বোকাজানৰ ৩২ গৰাকী বিশিষ্ট ব্যক্তিয়ে অগ্নিশিখা প্ৰজ্বলন কৰি কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ 

NNO চৰাইদেউঃ অসম চুক্তিৰ ৩২ বছৰ হোৱাৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে অসম চুক্তিৰ ৰূপায়নেৰে জলন্ত বিদেশী সমস্যা সমাধানৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনক সকিয়াই দিয়ে আছুৱে৷ আজি সন্ধিয়া সোণাৰি নগৰত সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই অগ্নিশিখা প্ৰজ্বলন কাৰ্য্যসূচী ৰুপায়ন কৰে।

NNO হৰিশিঙাঃ ১৯৮৫ চনৰ আজিৰ দিনটোত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ হৈছিল৷ ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত সম্পাদন কৰা হৈছিল এই চুক্তি। দেশ তথা ৰাজ্যৰ কোনো চৰকাৰে চুক্তি ৰূপায়নৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা দেখা নগল৷ চৰকাৰৰ ব্যৰ্থ হোৱাৰ পতিবাদত হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাই হৰিশিঙাৰ অঞ্চলৰ প্ৰাক্তন আছু কৰ্মী বিশিষ্ট নাগৰিকৰ দ্বাৰা ৩২ গছি অগ্নিশিখা প্ৰজ্বলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

NNO কাকপথাৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সমগ্ৰ অসমৰ লগতে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি অসম চুক্তি ৰূপায়ণেৰে জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় আৰু অসম চৰকাৰক সকীয়াই দি ১৫ আগষ্টৰ চুক্তি সম্পাদনৰ ৩২ বছৰ সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তত অগ্নিশিখা জ্বলাই প্ৰতিবাদ কৰে৷ কাকপথাৰ অঞ্চলৰ ৩২গৰাকী বিশিষ্ট নাগৰিকে ৩২ গছি অগ্নিশিখা প্ৰজ্বলন কৰে৷

NNO মুকালমুৱাঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্য্যকৰী নোহোৱাৰ প্ৰতিবাদত বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ৩২ গছি  অগ্নিশিখা প্ৰজ্বলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ মুকালমুৱাৰ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই বৰক্ষেত্ৰীৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অগ্নি শিখা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

NNO দলংঘাটঃ দৰং জিলাৰ দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই দেওমৰনৈ মহাবিদ্যালয়ৰ প্ৰাংগণত অসম চুক্তি ৰূপায়ণৰ ৩২ বছৰ উকলি যোৱাৰ পিছতো অসম চুক্তিখন ৰূপায়ণ নকৰাৰ প্ৰতিবাদত আজি ৩২ গছি অগ্নিশিখা প্ৰজ্বলনেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৮৫৫ গৰাকী শ্বহীদক শ্ৰদ্ধা জ্ঞাপন কৰে ১ মিনিট মৌন প্ৰাৰ্থনাৰে। অগপকে ধৰি বিগত ৩২ বছৰে কোনো এখন চৰকাৰে অসম চুক্তিখন ৰূপায়ণৰ ব্যৱস্থা নকৰাৰ বাবে আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি জানিবলৈ দিয়ে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি শৰ্মাই৷ আজিৰ অগ্নিশিখা প্ৰজ্বলনৰ শুভাৰম্ভ কৰে বিশিষ্ট সমাজসেৱক ভূমিধৰ শৰ্মাই৷

NNO তুলসীবাৰীঃ অসম চুক্তি ৰুপায়নৰ ৩২সংখ্যক বৰ্ষ উপলক্ষে আজি বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্হাই সম সংখ্যক বন্তি শিখা প্ৰজ্বলনৰে ৰাজ্যৰ জলন্ত বিদেশী সমস্যা সমাধানৰ দাবী জনায়। তৰণী আৰিমত্ত মিনি ষ্টেডিয়ামত ছাত্ৰ সন্হাৰ কাৰ্যালয়ৰ সংলগ্ন ছহীদ যতীন কলিতাৰ বেদী প্ৰাংগনত সভাপতি বিশ্ব কলিতাৰ নেতৃত্বত বন্তি শিখা প্ৰজ্বলন কাৰ্যসুচী ৰূপায়ন কৰা হয় । আজিৰ এই কাৰ্যসুচীত সংগঠনটোৰ কামৰূপ জিলা সমিতিৰ তথ্য সম্পাদক গোলোক ৰাজবংশী উপস্থিত থাকে।

NNO গৌৰীসাগৰঃ সমগ্র ৰাজ্যৰ লগতে শিৱসাগৰৰো ভিন্ন ঠাইত অসম চুক্তিৰ সফল ৰূপায়ন নোহোৱাৰ পৰিপ্রেক্ষিতত আজি শিৱসাগৰ জিলা ছাত্র সন্থা, গৌৰীসাগৰ আঞ্চলিক ছাত্রসন্থা, দিখৌমুখ আঞ্চলিক ছাত্রসন্থা ,হাতীঘূলি আঞ্চলিক ছাত্র সন্থাই অগ্নিশিখা প্ৰজ্বলনেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

NNO তামুলপুৰঃ ১৯৮৫ চনৰ আজিৰ দিনটোতে ঐতিহাসিক অসম চুক্তি  স্বাক্ষৰিত কৰা হৈছিল। ৮৫৫ জন শ্বহীদৰ তেজৰ বিনিময়ত সম্পাদন কৰা হৈছিল অসম চুক্তি । অসম চুক্তি স্বাক্ষৰিত হোৱা আজি ৩২ বছৰ সম্পূৰ্ণ হল। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অৱমাননাৰে ৩২ বছৰ উকলি যোৱা অসম চুক্তিৰ দফা সমূহ ৰূপায়ণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ আঞ্চলিক ছাত্ৰ সংন্থাই তামুলপুৰ ঘগ্ৰাচ'কত ৩২ গছি অগ্নিশিখা প্ৰজ্বলন কৰে। অনুষ্ঠানত তামুলপুৰৰ ৩২ গৰাকী বিশিষ্ট নাগৰিকৰ দ্বাৰা অগ্নিশিখা প্ৰজ্বলন কৰে। অনুষ্ঠান তামুলপুৰ আঞ্চলিক ছাত্ৰ সংন্থাৰ সভাপতি দমন পাটোৱাৰী, সম্পাদক অনুপ কলিতা, প্ৰাক্তন আছু নেতা, সমন্বিতে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকল উপস্থিত থাকে।

NNO তেজপুৰঃ অসম চুক্তি হোৱা ৩২ বছৰ পূৰ্ণ হোৱাৰ পাছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসম চুক্তিখন ৰূপায়ণ নকৰাৰ প্ৰতিবাদত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি অগ্নিশিখা প্ৰজ্বলন কৰে।

NNO নাহৰকটীয়াঃ সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত অসম চুক্তিৰ সফল ৰূপায়ন নোহোৱাৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া ছাত্ৰ সন্থাই এই কাৰ্যসূচী ৰূপায়ন কৰে। নাহৰকটীয়া  ছাত্ৰ সন্থাই নাহৰকটীয়া অঞ্চলৰ ৩২ জন বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰি ৩২ গছি শিখা প্ৰজ্বলন কৰে। অহা কালিলৈ এই চুক্তিৰ ৰূপায়ন কৰা ৩২ বছৰ সম্পূৰ্ণ হব। তাৰেই পৰিপ্ৰক্ষিতত সমগ্ৰ ৰাজ্যৰ লগতে নাহৰকটীয়া ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।