তুলসীবাৰীঃ শ্ৰমিকে প্ৰতিটো দিন হাহাকৰ কৰি পাৰ কৰিব লগা হয়৷ এসাজ ভাতৰ বাবে ককবকাব লগা হয়৷ তেওলোকৰ সন্তানে দুখৰ দিন পাৰ কৰিব লগা হয়৷ কাৰণ তেওলোকে চৰকাৰৰ চাকৰি কৰে যদিও দৰমহা কেইটা সময়মতে নাপায়৷ তেওলোকে কাম কৰা উদ্যোগটো মৃত্যুৰ সৈতে যুজিছে বাবে চৰকাৰে প্ৰয়োজন অনুভৱ নকৰে তেওলোকক তথা শ্ৰমিক-কৰ্মচাৰিসকলক৷

কোনোবা ৰামদেৱক চৰকাৰে মাটি-ৰাজসাহায্য দিবলৈ সাজু থাকে যদিও থলুৱা দৰিদ্ৰ শ্ৰমিকক সহায় কৰিবলৈ কুন্ঠাবোধ কৰে চৰকাৰে৷ ৰঙিয়াৰ তুলসীবাৰীৰ এপল মিলৰ কৰ্মাচাৰি-শ্ৰমিকৰ দুখ কোলাই-পাচিয়ে নধৰা হৈছে৷ বাৰে বাৰে চৰকাৰক তেওলোকৰ দাবী মানি লবলৈ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ তাৰ মাজতে এপল মিলৰ পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই৷

সংগঠনটোৱে শুকুৰবাৰৰ পুৱাৰে পৰা গণ আন্দোলন কাৰ্যসুচী ৰুপায়ন কৰি এপল মিলৰ পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনায়৷  বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা এপল মিল শ্ৰমিক সন্থাৰ সহযোগত এপল মিলৰ সন্মুখত পুৱা ১০ বজাৰ পৰা অৱস্থান ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে সংগঠনটোৱে৷ প্ৰতিবাদী কাৰ্যসুচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শ্ৰমিক-কৰ্মচাৰী আছুৰ নেতা-কৰ্মীয়ে সহ কেইবা শতাধিক লোকে অংশ লয়৷

নাগাৰা, তাল আদি বাদ্যৰ ধ্বনিৰে পৰিবেশ উত্তাল কৰি অসম চৰকাৰ হায় হায়, এপল কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি পালন কৰক আদি শ্ল’গানেৰে প্ৰদান কৰে৷ প্ৰতিবাদী কাৰ্যসুচীত অংশ গ্ৰহণ কৰি আছু নেতা ধৰ্মেশ্বৰ দাসে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিবাৰকৈ এপল মিলৰ পুনৰ উজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দি আভুৱা ভাৰি অহাতো পৰিতাপৰ বিষয় বুলি কয়৷

আমাক আৰু আশ্বাস নালাগে৷ আশ্বাস কাৰ্যকৰী কৰি দিয়া বিশ্বাস হে লাগে৷ প্ৰস্তাবিত ৯:৩৫ কোটি টকা অতি শীঘ্ৰে মুকলি কৰি দি ৰঙিয়াৰ গৌৰব মৃতপ্ৰায় এপল মিলৰ সহস্ৰাধিক শ্ৰমিকৰ পেটৰ ভাত মুকলি কৰি দিয়াৰ বাবে আহ্বান জনায় ধৰ্মেশ্বৰে৷ এপল শ্ৰমিক সন্থাৰ কাৰ্যকৰী সভাপতি কানুৰাম কলিতাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ সদিচ্চাৰ অভাৱত এবছৰ ধৰি প্ৰায় ছয়শ শ্ৰমিক-কৰ্মচাৰীয়ে কৰ্মহীন হৈ আৰ্থিক সংকটত ভুগি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

ছাত্ৰ সন্থাকে ধৰি আন কেবাটাও সংগঠনৰ সহযোগত এপলমিল শ্ৰমিক সন্থাই শ্ৰমিক দিৱসৰ দিনটোতে কাৰ্যসুচী ৰূপায়ন কৰা বুলি কয়৷ ৰাজ্য চৰকাৰে মিলটো পূৰ্ণ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতিৰে ৯.৩৫ কোটি টকাৰ অনুদান মোকলাই দিয়াৰ কথা ঘোষণা কৰিছিল৷ কিন্তু বৰ্তমানলৈ উক্ত ঘোষণা ৰঙা ঘোষণা হৈ থাকিল বুলি কয় কলিতাই৷ যাৰ ফলত বেতন বঞ্চিত শ্ৰমিক কৰ্মচাৰী সকল আমি দিশহাৰা হৈ পৰিছো বুলি কয়।

শীঘ্ৰে ধন ৰাশি মুকলি কৰি দিয়াৰ লগতে সমবায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো মিলটো পৰিদৰ্শনৰ বাবে আহ্বান জনায়৷ প্ৰতিবাদী কাৰ্যসুচীত অংশ লৈ বৃহত্তৰ ৰঙিয়া সচেতন নাগৰিক মঞ্চৰ সম্পাদক তাৰিফুল ইছলামে এপল মিল ৰঙিয়াৰে নহয় সমগ্ৰ অসমৰ সম্পদ বুলি কয়৷ এপল মিলৰ পুনৰ উজ্জীৱিত কৰাৰ বাবে প্ৰস্তাৱিত ধন ৰাশী অদ্যপিও মোকলাই নিদিয়াতো পৰিতাপৰ বিষয়৷

অনিয়োজিত কৰ্মচাৰীসকলক শীঘ্ৰে ভিআৰএছ প্ৰদান কৰাৰ লগতে তিনিওটা ইউনিট কাৰ্যক্ষম কৰি নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত যুবক-যুবতীসকলৰ সমস্যা সমাধানৰ পথ মুকলি কৰাৰ দাবী উত্থাপন কৰে ইছলামে৷  কাৰ্যসুচীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ ধীৰাজ ৰাজবংশী, গোলোক ৰাজবংশী, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ হেমেন দাস, শংকৰ ভূঞা, হেমন্ত দাসৰ লগতে প্ৰাক্তন ছাত্ৰ নেতা লিটন কলিতা উপস্থিত থাকে৷ ইমানৰ পিছতো ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে ৬ নবেম্বৰত ভাৰত-ভূটান ঘাই পথ অৱৰোধ কৰাৰ ভাবুকি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে৷