06
Jul
2017

ৰঙিয়াঃ থলুৱা শিক্ষিত নিবনুৱা যুৱক-যুৱতীক বঞ্চনাৰ প্ৰতিবাদত আজি ৰঙিয়া ৰেল সংমণ্ডলৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
ৰেল বিভাগত থলুৱাক বঞ্চনা, চতুৰ্থ আৰু তৃতীয় শ্ৰেণীৰ পদত ১০০ শতাংশ থলুৱা শিক্ষিত নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়া আৰু অসমকে ধৰি উত্তৰ-পূৰ্বঞ্চালক লৈ সুকীয়া ৰেল নিয়োগ মণ্ডল গঠন কৰাৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে।
সদৌ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়িত হোৱা প্ৰতিবাদী কাৰ্যসূচীত ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ ১১খনকৈ আঞ্চলিক সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, আছুৰ কামৰূপ জিলা সমিতিৰ সভাপতি ধীৰাজ ৰাজবংশী, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সভাপতি হেমেন দাস আৰু সম্পাদক হেমন্ত দাসে অংশগ্ৰহণ কৰে।