
newsnextone.com | বিহালীঃ মঙলবাৰেও ৰাজ্যৰ কেইবাটাও সংগঠনে বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ গুৱাহাটী মহানগৰীকে ধৰি কেইবাখনো জিলাত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক এই বিধেয়ক বাতিল কৰাৰ দাবী জনায়৷
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিশ্বনাথ জিলাৰ জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু অসম চুক্তি আখৰে আখৰে ৰূপায়ন কৰাৰ দাবীত কেইবাশতাধিক ৰাইজৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰে৷
চাহজনজাতি ছাত্ৰ সন্থাৰ বিহালী শাখা, গোর্খা ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, জিনজিয়া বনিক সংস্থা, ৰটুৱা মহিলা সমিতি, মুছলিম সমাজ, বেংগলী সমাজৰ সহযোগত জিনজিয়াবাসী ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসম চুক্তি আখৰে আখৰে ৰূপায়ন কৰক, ১৯৭১ চনৰ পিছত অহা হিন্দু-মুছলমান বাংলাদেশীয়ে অসম এৰিবই লাগিব, অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয় আদি শ্ল’গানেৰে জিনজিয়াৰ আকাশ বতাহ কঁপাই তোলে৷
প্ৰতিবাদী সমদলত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি নিতু বৰা, বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, বিহালী শাখা আটছাৰ সভাপতি বাবুল গোৱালা, বিশ্বনাথ জিলা গোর্খা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ গজুৰেলে উপস্থিত থাকি কোনো কাৰণত এই বিধেয়ক মানি নলও বুলি কয়৷
বিভিন্ন জাতি-জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোকে সবিক্ষোভ কাৰ্যসূচী সফল কৰি তোলাত জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি উপামন্যু সম্পাদক কৰিম আলিয়ে ধন্যবাদ জানয়৷ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে সংগঠন কেইটাই।