
মৰিগাঁওঃ পথ মেৰমাতি কৰাৰ দাবীত শনিবাৰে ৰাজ পথলৈ ওলাই আহিল মহিলা৷ ৰাজ পথলৈ ওলাই আহি মহিলাসকলে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মৰিগাঁৱত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি৷ মৰিগাঁও জিলাৰ ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মহিলাই নাম-কীৰ্তন কৰি পথ মেৰামতি কৰাৰ দাবী জনায়৷ ভূৰাগাঁৱত অঞ্চলটোৰ প্ৰায় শতাধিক মহিলা-আই মাতৃয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।
চৰকাৰ বিৰোধি শ্ল’গানৰ বিপৰীতে পথত নাম-কীৰ্তন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ লগতে অঞ্চলটোৰ আইমাতৃসকলে। বান বিধস্ত অঞ্চলটোৰ ভূৰাগাঁও-মৰিগাওঁ গড়কপ্তানী পথটো বিগত কেইবাবছৰ ধৰি মেৰামতি নকৰাত জৰাজীৰ্ণ হৈ পৰে৷ যাৰ বাবে ৰাইজে যমৰ-যাতনা ভোগ কৰি আহিছে৷ জৰাজীৰ্ণ পথত প্ৰসূতিক চিকিৎসালয়লৈ নিয়াৰ সময়তে সন্তান প্ৰসৱ কৰিব লগা হৈছিল। পথটোৰ দূৰৱস্থাৰ নিতৌ দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷
অঞ্চলটোৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি পথ মেৰামতি কৰাৰ দাবী জনাই আহিছিল দিও চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই৷ শনিবাৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আইমাতৃসকলৰ দ্ধাৰা প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজপথত নাম গাই নেদেখাজনৰ ওচৰত শৰনাপন্ন হয় মহলিসকলে। কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নৱ কুমাৰ নাথ, ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লম্বোধৰ বৰুৱা, সম্পাদক মানস জ্যোতি সিংহ, ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা দিপাংকৰ পালকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে৷