
নলবাৰীঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আছুৱে জোঁৰ সমদল উলিয়ায় প্ৰতিবাদ সাব্যস্ত কৰে৷ চৰকাৰে ১৯৭১ চনৰ পিছত অহা হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিছৰাৰ বিৰুদ্ধে নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰীৰ চহৰত জোঁৰ লৈ সমদল উলিয়ায় উত্তাল কৰে নলবাৰীৰ আকাশ-বতাহ৷
নলবাৰীৰ চহৰৰ পি এন চি পথৰ পৰা উলিওৱা জোঁৰ সমদল চহৰৰ মুল পথেৰে সমদল কৰি অসম চুক্তি ৰূপায়ন কৰক, অতি শীঘ্ৰে বিশেষ টাস্ক ফৰ্চ গঠন কৰক, অসম অবৈধ চৰণীয়া পথাৰ নহয়, কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ হায় হায়, ধৰ্মৰ নামত বিদেশীক ভাগ ভাগ কৰা নচলিব আদি শ্ল’গান দি উত্তাল কৰি তোলে পৰিবেশ৷ জিলাৰ আছুৰ সাধাৰন সম্পাদক অক্ষয় ডেকাই অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৩২ বছৰত ভৰি দিয়া সত্বেও অসম-বাংলাদেশ সীমান্ত আজিও উন্মুক্ত বুলি কৈ ক্ষোভ ব্যক্ত কৰে৷
চলিত বৰ্ষৰ এপ্ৰিল মাহত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ছাত্ৰ সন্থাৰ মাজত অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকত চৰকাৰে শীঘ্ৰে বিশেষ টাস্ক ফৰ্চ গঠন, সাংবিধানিক ৰক্ষা কৱচ, সীমান্ত ছীল, অসম চুক্তি ৰূপায়ন কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু চৰকাৰে এতিয়া ওলোটাখৰ মাৰি হিন্দু বাংলাদেশীক আশ্ৰয় দিবলৈ চেষ্টা চলোৱা বুলি অভিযোগ কৰে ছাত্ৰ নেতা হিমান বৰ্ম্মনে৷ দাবী সমূহ চৰকাৰে পূৰণ নকৰালৈকে নিৰৱচ্ছিন্নভাৱে ছাত্ৰ সন্থাই আন্দোলন চলাই যাব বুলি হুংকাৰ দিয়ে আছুই৷