গুৱাহাটীঃ বজৰং দলৰ পোষ্টাৰ থকা আছুৰ কাৰ্যালয়ৰ আলোকচিত্ৰ ভাইৰেল হোৱা ফটো-ভিডিঅ’ সন্দৰ্ভত অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আছুৱে৷ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ ভিতৰত বজৰঙৰ পোষ্টাৰ থকা আলোকচিত্ৰ ফেচবুকত ভাইৰেল হৈ পৰাত আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুক বদনাম কৰাৰ ষড়যন্ত্ৰ কৰা বুলি কয় আছুৱে৷ আলোকচিত্ৰ ঘটনাই ৰাজ্যজুৰি হৈ চৈৰ সৃষ্টি কৰাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি ঘটনাৰ তদন্তৰ দাবী জনায় সংগঠনটোৱে৷ শনিবাৰে মৰিগাঁও জিলা আছুৱে মৰিগাঁৱৰ আৰক্ষী অধীক্ষকক সংগঠনটোৰ পেডত এজাহাৰ দাখিল কৰি ঘটনাৰ তদন্ত কৰাৰ দাবী জনায়৷

সংগঠনটোৱে জাগীৰোডৰ কলা মন্দিৰৰ সমীপৰ আছুৰ অস্থায়ী কাৰ্যালয়ত কোনো দুস্কৃতিকাৰীয়ে বজৰং দলৰ বিভিন্ন পোষ্টাৰ পৰিকল্পিত ভাবে থৈ ফটো তুলি ছছিয়েল মিডিয়াত প্ৰচাৰ কৰা কাৰ্য গৰিহণাৰ যোগ্য বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ জনমানসত সদৌ অসম ছাত্ৰ সন্থাৰ ভাৱমুৰ্তি ম্লান কৰাৰ কুটিল ষড়যন্ত্ৰ ৰচনা কৰি আছুৰ প্ৰতিবাদী কন্ঠ ৰোধ কৰাৰ অপচেষ্টা বুলি কয় জাতীয়তাবাদী সংগঠনটোৱে৷ আছুই এনে কাণ্ড কেতিয়াও সহ্য নকৰো বুলি স্পষ্ট কৰি ২৪ ঘন্টাৰ ভিতৰত দোষীক শাস্তি কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় জিলাৰ আৰক্ষী অধীক্ষকক ৷

আছুৰ জাগীৰোড সমিতিৰ কাৰ্যালয়ৰ ভিতৰত বাঁহৰ খুটিত লগাই থোৱা কেইখনমান বজৰং দলৰ পোষ্টাৰ উদ্ধাৰ হৈছিল৷ কাৰ্যালয় আওজাই থোৱা পোষ্টাৰ কেইখনত টেট শিক্ষয়িত্ৰীক কৰা হাৰাশাস্তিৰ বন্ধ হওঁক, বজৰং দল জিন্দাবাদ, নাৰীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি শ্ল’গান লিখা আছিল৷ এই আলোকচিত্ৰখন যোৱা দুদিন ধৰি ভাইৰেল হৈ পৰিছিল ৰাজ্যত৷ হঠাৎ একাংশ লোকে ফেচবুকৰ নিজৰ নিজৰ টাইমলাইনত আপলোড কৰাত চৰ্চালৈ আহে আলোকচিত্ৰখন৷ একাংশ লোকে ফেচবুকত ফটো-ভিডিঅ’ আপলোড কৰি ৰাজ্যৰ অন্যতম শক্তিশালি জাতীয়তাবাদী সংগঠন সদৌ অসম ছাত্ৰ সন্থাক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰে৷

জাতীয়তাবাদী সংগঠন এটাৰ কাৰ্যালয়ত কট্টৰ হিন্দুত্ববাদী সংগঠনৰ পোষ্টাৰ কেনেকৈ আহিল বুলিও প্ৰশ্ন কৰে৷ নিউজ নেক্সট ৱানৰ হাতত পৰা তথ্য মতে জাগীৰোডৰ এগৰাকী টেট শিক্ষয়িত্ৰীয়ে কৰ্মৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গোমাংস খাবলৈ দিয়াৰ লগতে বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে৷ তাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ তাৰ পাছতে দুদিন পুৰ্বে বজৰং দলে জাগীৰোডত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

বজৰং দলে প্ৰতিবাদ কৰিব যোৱাৰ পূৰ্বে জাগীৰোডৰ কলা মন্দিৰৰ সমীপৰ আছুৰ কাৰ্যালয়ৰ দাঁতিত থকা এটি ঘৰত পোষ্টাৰ সমূহ মজুত কৰি ৰাখিছিল৷ বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত উক্ত হলটোত পোষ্টাৰ সমূহ থৈছিল যদিও আছুৰ কাৰ্যালয়লৈ কেনেকৈ আহিল এই কথা এতিয়াও স্পষ্ট হোৱা নাই৷ ফটো সমূহ কোনে তুলিলে সেইকথাও এতিয়ালৈ স্পষ্ট হোৱা নাই৷ ফটো সমূহ একাংশ লোকে ফেচবুকত আপলোড কৰাৰ পাছতে ৰাজ্যত হৈ চৈ লাগে৷ আৰক্ষীৰ তদন্তত কোনে পোষ্টাৰ সমূহ আছুৰ কাৰ্যালয়ত থলে এই কথা আৰক্ষীৰ তদন্তত ওলাই পৰিব বুলি মত ব্যক্ত কৰে একাংশ লোকে৷