গুৱাহাটীঃ অৱশেষত সাৰ পালে শুই থকা নেতাজনে। ভিন্ন দল-সংগঠনে প্ৰতিবাদেৰে ৰাজ্য উত্তাল কৰাৰ পিছতহে চৰকাৰৰ জনস্বাৰ্থ বিৰোধী কাম-কাজৰ বিৰুদ্ধে মাত মাতিবলৈ সময় পালে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

বুধবাৰে শ্বহীদ ন্যাসত এক সংবাদ মেলৰ আয়োজন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ভট্টাচাৰ্য। দীনদয়ালৰ নামত মহাবিদ্যালয় নামাকৰণ কৰাতো কোনপধ্যে মানি লোৱা নহ’ব বুলিও স্পষ্ট কৰি দিয়ে আছুৰ উপদেষ্টাজনে। ইমানতে ক্ষান্ত নাথাকি সমগ্ৰ ৰাজ্যতে অহা ১৯ ছেপ্তেম্বৰৰ পৰা এমাহযোৰা প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে ভট্টাচাৰ্যই।

এই অনুযায়ী আছুৱে ১৯ ছেপ্তম্বৰৰ পৰা ধাৰাবাহিকভাৱে জিলা সদৰ আৰু মহকুমা সদৰত তথা গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানত ধৰ্মঘট, জোঁৰ সমদল আদি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। বিশেষকৈ খিলঞ্জিয়াৰ অস্তিত্ব ৰক্ষা, অসম চুক্তি ৰূপায়ণ আৰু দীনদয়াল উপাধ্যায়ৰ নামত স্থাপন হোৱা মহাবিদ্যালয়ৰ নাম সলনি কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিব ৰাজ্যৰ জাতীয় সংগঠনটোৱে৷

আজিৰ সংবাদ মেলত ভট্টাচাৰ্যই ৰাজ্য চৰকাৰখনে মাতৃভাষাক অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰে। অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক গুৰুত্বহীন কৰি তোলাটো কোনপধ্যে সহ্য কৰা নহয় বুলিও স্পষ্ট কৰি দিয়ে ভট্টাচাৰ্যই। অসমত অসমৰ অস্তিত্ব লোপ পোৱাৰ উপক্ৰম হ’লে জাতি-মাটি-ভেটিৰ কথা কৈ শাসনৰ গাদী দখল কৰা চৰকাৰখনক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও তেওঁ সংবাদ মেলত সদৰী কৰে।

আনহাতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বানপানীৰ বাবে পৰ্যাপ্ত পুজি মুকলি কৰি নিদিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বান সমস্যা সমাধানৰ বাবে সদিচ্ছা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ, ৰাজ্যৰ প্ৰতিখন জিলাৰ জৰাজীৰ্ণ বাট-পথ মেৰামতি কৰা,ৰাজ্যৰ বৰেণ্য ব্যক্তিৰ নামত শিক্ষানুষ্ঠান স্থাপন কৰা, ছাত্ৰৰ অনুপাতে শিক্ষক নিযুক্তি, বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আদি দাবী উত্থাপন কৰে আছুৰ নেতৃত্বই৷ সংগঠনটোৱে জনতাৰ আশা পূৰণত ৰাজ্য চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ লগতে সোণোৱাল চৰকাৰে জনবিৰোধী কাম কৰা বুলি অভিযোগ কৰে সংগঠনটোৱে৷