চাবুৱাঃ পিচিজিৰ অন্যতম সদস্য ৰাজ্যৰ অন্যতম ফুটবল খেলুৱৈ ৰেৱতী ফুকন যোৱা ২২ এপ্ৰিলৰ পুৱাই প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই ৰাজ্যৰ সচেতন মহল চিন্তিত হৈ পৰিছে৷ ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে ৰেৱতী ফুকনৰ বিচাৰি অভিযান চলাই গৈছে যদিও এতিয়ালৈ শুংসুত্ৰ উদ্ধাৰ কৰিব পৰা নাই৷ 

ফুকনৰ পৰিয়ালে চিন্তাত দিন পাৰ কৰিবলগীয়া হৈছে৷ ৰেৱতী ফুকনৰ বৰ্তমানলৈ কোনো শুংসূত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীয়ে৷ বৃহস্পতিবাৰে ৰেৱতী ফুকনৰ চাবুৱাৰ জেৰাইস্থিত গৃহত উপস্থিত হয় আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এটা দল৷ পিচিজিৰ অন্যতম সদস্য ৰেৱতী ফুকন গুৱাহাটীৰ বাসগৃহৰ পৰা হঠাতে নিৰুদ্দেশ হোৱা ঘটনাক সহজভাৱে মানি লব পৰা নাই বুলি কয় আছুৰ দলটোৱে৷ 

ৰেৱতী ফুকনক অনতিপলমে সুস্থ শৰীৰে সন্ধান উলিয়াবলৈ নিৰাপত্তা বাহিনী আৰু অনুসন্ধানকাৰী সংস্থাৰ বিশেষ কোষ গঠন কৰাৰ বাবে দাবী জনাই মুখ্যমন্ত্ৰীক আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতিয়ে৷ আনহাতে ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাই লুৰিণজ্যোতি গগৈয়ে৷

ৰেৱতী ফুকনৰ ২২ এপ্ৰিলৰ পৰা মোবাইল বন্ধ হৈ আছিল৷ হঠাৎ যোগসূত্ৰ নোহোৱা হৈ পৰাত তিনিচুকীয়া আৰু মুম্বাইত থকা পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে। তিনিচুকীয়াৰ পৰা ২৪ এপ্ৰিলৰ পুৱাই গুৱাহাটীৰ জোৰোডস্থিত গৃহত উপস্থিত হৈ পুত্ৰ কৌশিকে পিতৃক ঘৰত বিচাৰি নাপাই বিবুদ্বিত পৰে৷