নলবাৰীঃ অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, জনপ্ৰিয় অভিনেতা আব্দুল মজিদৰ মৃত্যুত নলবাৰীৰ কেইবাটাও দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে৷

অসমৰ সাংস্কৃতিক জগতৰ বাবে বহু অৱদান আগবঢ়োৱা বিশিষ্ট অভিনেতা গৰাকীৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে নলবাৰীৰ দল সংগঠনৰ উপৰি দক্ষিন নলবাৰী প্ৰেছ ক্লাৱেও গভীৰ শোক প্ৰকাশ কৰিছে৷ লগতে তেখেতৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷