অভয়াপুৰীঃ অসম মাধ্যমিক শিক্ষা পৰিষদৰ ২০১৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অভয়াপুৰীৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী নিকুমণি দেৱীয়ে অসমৰ ভিতৰতে সপ্তম স্থান দখল কৰি অভয়াপুৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ গীতানগৰ বাসিন্দা বিদ্যুৎ বিভাগৰ কৰ্মচাৰী দেবানন অধিকাৰী আৰু বাপুজি হাইস্কুলৰ প্ৰধান শিক্ষয়ত্ৰী জয়াৰাণী চক্ৰবৰ্ত্তীৰ কন্যা সন্তান নিকুমণি দেৱীয়ে অসমীয়াত ৯৫, ইংৰাজীত ৯৬, গণিতত ৯৬, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৭ আৰু উচ্চ গণিতত ৯৭ নম্বৰেৰে মুঠ ৫৮৩ নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰাৰ বতৰাই উৎফুল্লিত কৰি তুলিছে অভয়াপুৰী বাসীক।

অতি বিনয়ী স্বভাৱৰ নিকুমণিয়ে দৈনিক ৭-৮ ঘণ্টাকৈ অধ্যয়ন কৰিছিল। অৱশ্যে বাছনি পৰীক্ষাৰ পিছত নিকুমণিয়ে ১১-১২ ঘণ্টাকৈ অধ্যয়ন কৰিছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

উল্লেখ্য যে নিকুমণিয়ে আজিৰ এই সফলতাত পিতৃ-মাতৃৰ লগতে বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ সহায়-সহযোগিতাৰ কথা স্বীকাৰ কৰে।

নিকুমণিয়ে পৰবৰ্ত্তী সময়ত অভয়াপুৰীতে বিজ্ঞান শাখাত অধ্যয়ন কৰি ভবিষ্যতে অধ্যাপক হোৱাৰ আশা পুহি ৰাখিছে। আজি নিকুমণিৰ এই সফলতাত অভয়াপুৰী জাতীয় বিদ্যালয়ত এক উৎসৱ মূখৰ পৰিৱেশৰ সৃষ্টি হয়।