অভয়াপুৰীঃ তাইৰো আছে অযুত সপোন। ৫বছৰীয়া কন্যা শিশুটিয়ে লৱৰি-ধাপলি খেলিব বিচাৰে, নাচিব বিছাৰে, সুন্দৰ পৃথিৱীখন নয়ন জুৰাই চাব বিছাৰে। কিন্তু তাইৰ ইচ্ছা থাকিলে চাব নোৱাৰে এই ভূৱন। কাৰণ তাই দিব্যাংগ। চকুৰে নেদেখে অথচ অনুভৱ কৰে  সুন্দৰ পৃথিৱীখনক, মনুহৰ সহৃদয়তাক।

কণমানি জনীৰ নাম জ্যোৎস্না মাৰাক। ঘৰ অভয়াপুৰী সমীপৱৰ্তী লালমাটিত। জন্মতে সকলো ঠিকেই আছিল। কিন্ত তাই জন্মতে দুৰ্ভাগ্য লগত লৈ আহিছিল । ডেৰ মাহতে মাতৃক হেৰুৱায়। আন হাতে গাৰো জনগোষ্ঠীৰ মাতৃ প্ৰধান সমাজ ব্যৱস্থাৰে পৰিচালত হোৱা বাবে পিতৃয়েও মাতৃৰ বিয়োগৰ পিছত এমা ডিমা অৱস্থাতে এৰি থৈ মেঘালয়লৈ গুচি যায়।

এনে পৰিপ্ৰেক্ষিতত নিঠৰুৱা হৈ পৰা কণমাণিজনীক লালন-পালন কৰিবলৈ  আগবাঢ়ি আহে অাইতাক আখোণী মাৰাক। ইঘৰ-সিঘৰত কাম-বন কৰি কোনো মতে পোহ-পাল দিয়ে। আখণী মাৰাকে কণমাণি জ্যোৎস্নাক বুকুত সাবতি লৈ আৰম্ভ কৰিছিল দুখ-দৰিদ্ৰৰ মাজেদি জীৱনমুখী একক যাত্ৰা।

আজিৰ পৰা ৬মাহ পূৰ্বে কণমানিজনীৰ জীৱনলৈ নামি আহে আন এক অমানিশা। আক্ৰান্ত হয় নিউমুনিয়া টাইফয়েডত। আৰ্থিক দুৰৱস্থাত ভোগা আইতাকে ঘৰুৱা চিকিৎসা কৰিছিল যদিও দিনক দিনে জ্যোৎস্নাৰ স্বাস্থ্যৰ অৱনতি ঘটাত স্থানীয় লোকে আইতাকক উন্নত চিকিৎসা কৰিবলৈ পৰামৰ্শ দিয়ে।

সেইমৰ্মে আইতাকে জ্যোৎস্নাৰ মাকৰ নামত থকা মাটি বন্ধকত থৈ উন্নত মানৰ চিকিৎসাৰ ব্যৱস্থা কৰে । চিকিৎসাৰ ফলত কণমানি জনী সুস্থ হৈ উঠে যদিও হেৰুৱাই পেলাই দৃষ্টি শক্তি। জীৱনৰ দোক-মোকালিতে কণমানি জ্যোৎস্নাই নিয়তিৰ সৈতে আন এখন যুজত অৱতীৰ্ণ হ'বলগীয়া হয়।

দুৰ্ভগীয়া পৰিয়ালটোৰ এই সমস্ত কাহিনী সম্পৰ্কে অভয়াপুৰী স্বেচ্ছাসেৱী সংগঠন প্ৰভাতী কিৰণ মহিলা সমিতি অৱগত হোৱাত মহিলা সমিতিৰ উদ্যোগত আৰু অভয়াপুৰীৰ কেইবাগৰাকী যুৱকৰ সহযোগত কাজল গাঁৱস্থিত চিকিৎসালয়লৈ নিয়ে আৰু তাতে চকু চিকিৎসকে জ্যোৎস্নাক তৎকালীনভাৱে উন্নত চিকিৎসা কৰিলেহে পৃথিৱীৰ পোহৰ দেখিবলৈ সক্ষম হ'ব বুলি জনায়।  

কিন্ত উন্নত চিকিৎসাৰ বাবে পৰিয়ালকটোক লাগে বৃহৎ পৰিমাণৰ ধন। মহিলা  সমিতিটোৰ  কৰ্মী সকলে দূৰ্ভগীয়া পৰিয়ালটোক আৰ্থিক ভাৱে সাহায্য কৰিবলৈ বিভিন্ন পক্ষক যোগাযোগ কৰে।  এই অনুযায়ী উত্তৰ শালমাৰা মহকুমাৰ কাৰ্যবাহী দণ্ডাদীধ  মিতালী লহকৰে সংগঠনটোৰ সদস্য সকলক কণমানিজনীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় প্ৰশাসনীয় সহায় আগবঢ়োৱাৰ আশ্বাস  প্ৰদান কৰে।

প্ৰশাসনৰ এই সাহায্য কণমানিজনীক চিকিৎসাৰ বাবে পৰ্যাপ্ত নহয় বুলি অনুভৱ কৰি মহিলা সমিতিয়ে ৰাজ্যখনৰ সদাশয় ব্যক্তি তথা প্ৰতিষ্ঠানক সহায় আগবঢ়াবলৈ আহ্বান জনাইছে। ইচ্ছ্যুক ব্যক্তিয়ে ৯৬৭৮৭৮৫০৬৫, ৯৭০৬৯৮৬৯০৩ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে অথবা ভাৰতীয় ষ্টেট বেংকৰ অভয়াপুৰী শাখাত ৩৫২২৯৮৫৫৬১৮ একাউন্টত আৰ্থিক ভাৱে সহায় আগবঢ়াব পাৰিব বুলি জনাইছে মহিলা সমিতিয়ে।