
অভয়াপুৰীঃ বানত কববকাই থকা ৰাইজক পিঠি দি বান সামগ্ৰী বিক্ৰীত নামিছে পঞ্চায়তৰ সভাপতি। পৰিৱৰ্তনৰ শ্লোগানেৰে বিজেপি মিত্ৰজোটৰ চৰকাৰে ৰাজ্যৰ শাসনত অধিষ্ঠিত হলেও একাংশ বিষয়া-কৰ্মচাৰী তথা জনপ্ৰতিনিধিৰ ৰাইজৰ ধন লুটি পুটি খোৱাৰ মানসিকতাৰ তিলমানো পৰিৱৰ্তন হোৱা নাই।
ইয়াকে প্ৰমাণিত কৰিলে দুই নম্বৰ জাৰাগুৰিত সংঘটিত এটি ঘটনাই। প্ৰাপ্ত তথ্য মতে বঙাইগাঁও জিলাৰ ২নং জাৰাগুৰিৰ এটি চাউলৰ মিলত বানাক্ৰান্ত অঞ্চলৰ বাবে পশুধনৰ বাবে চৰকাৰে যোগান ধৰা ১৫ বেগ পশুখাদ্য আজি ৰাইজৰ সহযোগত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে জব্দ কৰে।
জব্দকৃত সামগ্ৰীখিনি ৰাইজৰ ধন লুটি-পুটি খাই নোদোকা হোৱা ৮নং হাপাচাৰা গাঁও পঞ্চায়তৰ সভাপতি খয়বৰ আলিয়ে স্থানীয় ব্যৱসায়ী জহৰ আলিক বিক্ৰী কৰিছিল বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে পঞ্চায়ত সভাপতিগৰাকীৰ এনে কু-কাৰ্যৰ কথা জানিব পাৰি গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদক অৱগত কৰাত সংগঠনটোৱে আৰক্ষীক এজাহাৰ দাখিল কৰে।
ততালিকে মাণিকপুৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উক্ত পশুখাদ্যখিনি জব্দ কৰে। ইপিনে বানত কববকাই থকা ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰতি পিঠি দি পঞ্চায়তৰ সভাপতিগৰাকীয়ে বান সামগ্ৰী বিক্ৰী কৰাৰ ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।