চৰাইদৈউঃ অসম তথা উত্তৰ-পূৱ ভাৰতৰ প্ৰথম অৰ্জুন পুৰস্কাৰ বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিন৷ ৰাজ্য জুৰি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়৷ ১৯৮৪ চনৰ পৰাই ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অৰ্থাৎ ৩ ছেপ্তেম্বৰৰ দিনটো সমগ্ৰ ৰাজ্যত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোণাৰিতো আজি ৩৪ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে হাফ মাৰাথান দৌৰৰ লগতে সামূহিক দৌৰ অনুষ্ঠিত হয়।

কেইবাগৰাকী প্ৰাক্তন খেলুৱৈ তথা প্ৰতিভাসম্পন্ন খেলুৱৈক বিশেষভাৱে সম্বর্ধনা জনোৱা হয়৷ অনুষ্ঠানত চৰাইদেউ জিলা আৰক্ষী অধীক্ষক জিৎমল দলে, চি আৰ পি এফ কামাণ্ডেন্ট ধৰ্মেন্দ্ৰ পাঠক, সেনাৰ কামাণ্ডিং অফিচাৰ আৰ এচ সন্ধু, চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক ইমদাদ হুছেইনকে ধৰি ভালে সংখ্যক ক্ৰীড়া প্ৰেমী উপস্থিত থাকে অভিৰুচি ক্ৰীড়া দিৱসৰ অনুষ্ঠানত৷