
অভয়াপুৰীঃ আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিয়ে বঙাইগাঁৱৰ অভয়াপুৰীৰ উত্তৰ শালমাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত বুধবাৰে ৰাজ্য-কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ ভাৰত চৰকাৰ আৰু NSCNৰ মাজত স্বাক্ষৰ কৰা চুক্তি ৰাজহুৱা কৰাৰ লগতে সীমান্তৰ লোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত বুধবাৰে সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷
সংগঠনটোৰ নেতা-কৰ্মীসকলে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ লগতে অসমৰ মাটি নাগালিমত অন্তৰ্ভুক্ত নকৰাৰ দাবী জনায়৷ কেন্দ্ৰীয় চৰকাৰে সকলোকে অন্ধকাৰত ৰাখি এই চুক্তি সম্পাদনা কৰা বুলি সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে৷
ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷ এই চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সবিশেষ অৱগত নকৰোৱাৰ লগতে জড়িত নকৰাটো দুৰ্ভাগ্যজনক বুলিও কয় সংগঠনটোৱে৷
সংগঠনটোৱে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি নাগালেণ্ডত অসমৰ এক ইঞ্চিও মাটি সন্নিবিষ্ট নহয় বুলি চৰকাৰক নিশ্চিত কৰাৰ দাবী জনায়৷ সংগঠনটোৱে উত্তৰ শালমাৰা মহকুমা মহকুমাধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদকাৰীসকলে ভাৰত চৰকাৰ হায় হায়, নাগালিমত অসমৰ মাটি অন্তৰ্ভুক্ত হ’ব দিয়া নহব আদি বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷