অভয়াপুৰীঃ শিশু অপহৰণৰ চেষ্টা চলোৱা এগৰাকী মহিলাক ৰাইজে আবদ্ধ কৰিবলৈ সক্ষম হয় অভয়াপুৰীত৷ দুটি শিশুক অপহৰণৰ চেষ্টা চলােৱা মহিলাগৰাকীক আবদ্ধ কৰাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নয়াপাৰাৰ নিবাসী মকিবুল ইছলাম আৰু চৌকত নামৰ অধিবক্তাগৰাকীৰ প্ৰায় ১০বছৰীয়া কন্যা দুটিয়ে নিজ গৃহৰ সন্মুখত খেলি আছিল৷

তেনে সময়তে এগৰাকী অচিনাক্ত মহিলাই শিশু দুটিক এগৰাকী প্ৰতিবেশীৰ ঘৰ দেখুৱাই দিবলৈ কয়৷ প্ৰতিবেশীৰ ঘৰ দেখুৱাই দিয়াৰ গইনা লৈ শিশু দুটিক লগত লৈ অচিনাকি মহিলাগৰাকীয়ে বহুদূৰলৈ যায়। শিশু দুটিয়ে ঘৰৰ পৰা বহুদূৰ আতৰি অহাত ভয় কৰি ঘৰলৈ লৈ যাবলৈ খাতিৰ ধৰে মহিলাগৰাকীক৷ মহিলাগৰাকীয়ে শিশু দুটিৰ অনুৰোধক গুৰুত্ব নিদি আগবাঢ়ি গৈ থাকে।

সেই সময়তে এগৰাকী চিনাকি মহিলাক প্ৰত্যক্ষ কৰে শিশু দুটিয়ে৷ চিনাকি মহিলাগৰাকীয়ে শিশু দুটিক নিজ নিজ ঘৰলৈ লৈ আহে। ঘটনাটো অঞ্চলটোত বনজুইৰ দৰে বিয়পি পৰাত অঞ্চলটোৰ ৰাইজে মহিলাগৰাকীৰ সন্ধানত অভিযান চলাই টেংনামাৰীৰ এগৰাকী ব্যক্তিৰ ঘৰত প্ৰত্যক্ষ কৰি আবদ্ধ কৰে৷ ৰাইজৰ সোধ-পোচত মহিলাগৰাকীয়ে নিজকে যোগীঘোপাৰ বুলি কয়৷