newsnextone.com | অভয়াপুৰীঃ অসমৰ খেতি পথাৰ নষ্ট কৰি একাংশ লোকে অবৈধ খনন কৰাৰ লগতে ইটাভাটা স্থাপন কৰাৰ ঘটনা বিভিন্ন ঠাইত সংঘটিত হব'লৈ ধৰিছে। বৰ্তমান সময়ত বিভিন্ন সমস্যাই গা কৰি উঠা সমস্যাৰ ভিতৰত ইয়ো এটা সমস্যা হৈ পৰিছে৷ এচাম লোকে ৰাজ্যখনত মুনাফা লাভৰ বাবে চলাই অহা কিছুমান অপকৰ্মই বিপদ কঢ়িয়াই আনিছে খেতি পথাৰসমূহলৈ ৷

চোৰাং ব্যৱসায়ীৰ লগতে ৰাজ্যৰ ওপৰৱালাৰ বহতীয়া হৈ থকা একাংশ লোকে বন ধ্বংস কৰি অহাৰ উপৰিও চলাই আহিছে বিভিন্ন ধৰণৰ অবৈধ কামকাজ ৷ বঙাইগাঁও জিলাৰ অন্তৰ্গত উত্তৰ শালমাৰা মহকুমাত অবৈধভাৱে স্থাপন কৰি অহা ইটাভাটা সমূহে কৃষিভূমিসমূহলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে জনজীৱনলৈ বিপদ মাতি আনিছে।

ইটাভাতাসমূহে সকলো নীতি-নিয়ম জলাঞ্জলি দি ইটা স্থাপনৰ কাম কৰি থকাৰ পিছতোঁ জিলা প্ৰশাসনে চকু মুদা কুলিৰ ভাও ধৰি আহিছে। উত্তৰ শালমাৰা মহকুমাত একাধিক গাঁৱৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ইটাভাটাসমূহৰ পৰা ওলোৱা ধোঁৱাই পৰিবেশ বিনষ্ট কৰিছে। কেইবাটাও ইটাভাটাৰ সমীপতে স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয় থকাৰ পিছতো বায়ু প্ৰদূষণ কৰি ইটা প্ৰস্তুত কৰি অহাৰ পাছতোঁ জিলা প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ নকৰাত জিলা প্ৰশাসনক তীব্ৰ ভাষাৰে সমালোচনা কৰি আহিছে ৰাইজে। তাৰ মাজতে পুনৰ জনবসতি পূৰ্ণ এলেকাত ইটা ভাটা বহুওৱাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে।

যাৰ ফলত শুকুৰবাৰে ঘৰৰ পৰা ওলাই আহি ৰাইজে প্ৰতিবাদ কৰিব লগা হৈছে। ৰাইজে প্ৰতিবাদ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ইটাভাটা স্থাপনৰ কাম বন্ধ কৰিবলৈ দাবী জনায়। ব্যাপক প্ৰদূষণ সৃষ্টি কৰিব পৰা উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত খগৰপুৰ গাঁও পঞ্চায়তৰ ইকৰাবাৰীস্থিত ইটাভাটা স্থাপন বন্ধ কৰিবলৈ দাবী জনোৱাৰ ফলত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

অভয়াপুৰীৰ কিষান মহেশ্বৰী নামৰ ব্যৱসায়ী এগৰাকীয়ে বাৰিপুখুৰী প্ৰথম খণ্ড-ইকৰাবাৰীৰ জনবসতি পূৰ্ণ এলেকাত ইটাভাটা স্থাপনৰ প্ৰাৰম্ভিক কাম-কাজ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। 

ইতিমধ্যে ব্যৱসায়ী জনে এক্সেভেটেৰৰে হাবি-জংঘল কাটি ভাটাটোৰ বাবে চিমনি বহুৱাৰ কাম প্ৰায় সম্পূৰ্ণ কৰাৰ লগতে কৰ্মচাৰী থকা আবাসগৃহ নিৰ্মাণ কৰি উলিয়াইছে। জনবসতি পূৰ্ণ এলেকাত উদ্যোগটো স্থাপন কৰিলে ভাটাটোৰ পৰা নিৰ্গত হ'বলগীয়া প্ৰদূষিত ধোৱাই নিচেই কাষতে থকা বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীআৰু সৰ্বসাধাৰণ ৰাইজ যে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হ'ব এতিয়া শংকিত হৈ পৰিছে ৰাইজ। অঞ্চলটোৰ বিদ্যালয়সমূহ, বিভিন্ন দল-সংগঠন, মহিলা সমিতি আৰু ৰাইজে মহকুমা প্ৰশাসন, জিলা প্ৰশাসনক ইটাভাটা স্থাপন নকৰিবলৈ দাবী জনায়।

ৰাইজৰ আবেদনৰ ভিত্তিত প্ৰশাসনে ভাটাটোৰ কাম-কাজ সাময়িক ভাবে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে যদিও ব্যৱসায়ীজনে বিভিন্ন পক্ষক মেনেজ কৰি ইটাভাটা স্থাপন কৰাৰ ভাবুকি দিয়াত শংকিত হৈ পৰিছে ৰাইজ। উল্লেখ্য যে, ভাটা স্থাপনৰ স্থানৰ পাৰ্শ্ববৰ্তী অঞ্চলত থকা জলাশয়, কৃষিভূমি ব্যাপক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ভাটা গধুৰ যান-বাহন, ডাম্পাৰ আদিৰ অবাধ আহ-যাহ কৰাৰ ফলত ভৱিষ্যতে সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আৰু বিদ্যালয়লৈ অহা-যোৱা কৰা কণ কণ ছাত্র-ছাত্ৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। অঞ্চলটোৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা ইটাভাটা ব্যৱসায়ীগৰাকীয়ে যাতে কোনোপধ্যে স্থাপন কৰিব নোৱাৰে তাৰবাবে সংশ্লিষ্ট বিভাগ, ৰাজ্য চৰকাৰক আহ্বান জনায় স্থানীয় ৰাইজে।