কোকৰাঝাৰঃ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ সহযোগত সংগঠনটোৰ সপ্তম বাৰ্ষিক শ্বহীদ দিৱস আৰু ৬ তম দ্বি-বাৰ্ষিক ফকিৰাগ্ৰাম আঞ্চলিক অধিবেশনখন দেওবাৰে অৰ্থাৎ ২২ অক্টোবৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে কোকৰাঝাৰ জিলাৰ শিঙিমাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব৷

কাৰ্যসূচী অনুসৰি কাইলৈ অৰ্থাৎ ২২ অক্টোবৰৰ পুৱা ৯ বজাত সংগঠনৰ পতাকা উত্তোলনেৰে শ্বহীদ দিৱস আৰু অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জাইদুল ইছলামে৷ ইয়াৰ পিছতে ৯-৩০ বজাত শ্বহীদৰ বাবে দোওৱা, ১০ বজাত খেল ধেমালি আৰু দুপৰীয়া ১২ বজাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলোৰ মাজত আকস্মিক বক্তৃতা অনুষ্ঠিত হব৷

বিয়লি ৩ বজাত গজল আৰু কেৰাত প্ৰতিযোগিতা আৰু নিশা ৮ বজাত ছাত্ৰ সংগঠনটোৰ ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হব৷ আনহাতে ২৩ অক্টোবৰৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত  বৃক্ষৰোপন আৰু দুপৰীয়া ১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হব৷ এবিএমছুৰ কোকৰাঝাৰ জিলা সভাপতি জাইদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া মুকলি সভাত উদ্বোধনী ভাষণ আগবঢ়াব মতিউৰ ৰহমানে৷

মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব এবিএমছুৰ ভাৰপ্ৰাপ্ত সভাপতি আলি আজম সেখে ৷ তদুপৰি মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ক্ৰমে- আলহাজ মইজুদ্দিন মাহমুদ আৰু ৰফিকুল ইছলাম উপস্থিত থাকিব৷

আনহাতে সভাত বিশিষ্ট অতিথি হিচাপে বিধায়ক ৰবিৰাম নাৰ্জাৰী, এবিএমছুৰ প্ৰতিষ্ঠাপক সভাপতি মইনুল হক , এবিএমছুৰ মুখ্য উপদেষ্টা সাহাজাহন আলী, এবিএমছুৰ প্ৰতিষ্ঠাতা মহিবুৰ ইছলাম, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সুলতান আলম , জিলা প্ৰগাম বিষয়া জাহাঙ্গীৰ হুছেইন , ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ অধ্যক্ষ চানমিঞা আহমেদ আৰু শক্তিআশ্ৰম এছ.ওৱাই. জি  মহাবিদ্যালয়ৰ অধ্যক্ষ পৰেশ চন্দ্ৰ ৰায়কে ধৰি এবছু, আক্ৰাছু, আমছু, আছু আৰু আছাৰ জিলা সমিতিৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰিব ৷