
ৰঙিয়াঃ পূৰ্বে এটি ৰাজনৈতিক চক্ৰই বিটিএডিত সংঘৰ্ষ লগাই তৰুণ গগৈক অস্থিৰ কৰিব খুজিছিল৷ বৰ্তমানেও তেনে এটা পৰিৱেশ সৃষ্টিৰ বাবে এটি চক্ৰই অহৰহ চেষ্টা চলাই আছে৷ সেই একেই লবীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰক অস্থিৰ কৰাৰ বাবে কাম কৰি আছে৷
এই অভিযোগ এবিএমছুৰ সাধাৰণ সম্পাদক চাহ কামাল খণ্ডকৰ, কাৰ্যকৰী সভাপতি আবু চৈয়দ আনছাৰী, মুখ্য সাংগঠনিক সম্পাদক চাহনুৰ হুছেইনৰ৷ সভাপতিৰ মৃত্যুৰ পাছত আজি ৰঙিয়া প্ৰেছ ক্লাৱত এবিএমছুৱে প্ৰথমখন সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ কৰে।
সংখ্যালঘু নেতা এবিএমছুৰ সভাপতি লাফিকুল ইছলাম হত্যাকাণ্ডৰ সৈতে জড়িত লোকক শীঘ্ৰে আটক কৰাৰ দাবী জনায়৷ কেৱল হত্যাকাৰীক আটক কৰিলেই ক্ষান্ত নহয় বুলি স্পষ্ট কৰি দি সংগঠনটোৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতাই সমগ্ৰ চক্ৰটোক আটক কৰিব লাগে বুলি দাবী কৰে।
এবিএমছুক দূৰ্বল কৰি ৰাজ্যত এক সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপনে কৰে সংগঠনটোৱে। ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ প্ৰতি সন্দেহ আছে বুলিও কয় এবিএমছুৱে। হত্যাকাণ্ডৰ তদন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিকোনো এগৰাকী ন্যায়াধীশৰ দ্বাৰা হওঁক বুলিও দাবী কৰে সংগঠনটোৱে। দুই এখন বাতৰি কাকতে ঘটনাক অন্যৰূপ দিয়াৰ চেষ্টা কৰা বুলিও অভিযোগ কৰে সংগঠনটোৰ নেতৃত্বই।
মানসিক ভাৰাসাম্য হেৰুৱাইহে লাফিকুলৰ ভাতৃয়ে মধ্য প্ৰাচ্যৰ কথা কোৱা বুলিও সদৰী কৰে এবিএমছুৰ সাধাৰণ সম্পাদক চাহ কামাল খণ্ডকৰে। হত্যাকাৰী আৰু পৰিকল্পনাকাৰীক আটক নকৰালৈকে শান্ত নহয় বুলিও জানিবলৈ দিয়ে এবিএমছুৱে। চৰকাৰে গঠন কৰি দিয়া এছ আই টিয়ে ক্লু নষ্ট কৰিব পাৰে বুলি সংবাদমেলত সংগঠনটোৱে সন্দেহ প্ৰকাশ কৰে।
চিবিআইক ৰাজ্য চৰকাৰে প্ৰেৰণ কৰা পত্ৰখন ৰাজহুৱা কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমান কৰ্মৰত ন্যায়ধীশৰ দ্বাৰা হত্যাকাণ্ডৰ তদন্ত কৰাৰ দাবী জনাই এবিএমছুৱে। অহা ৯ আগষ্টত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব সংগঠনটোৱে৷