ওদালগুৰিঃ বন্ধৰ সমৰ্থন কৰিবলৈ ওলাই অহা নেতাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাত ক্ষোভিত হৈ পৰিছে এবিএমছু৷ ওদালগুৰি জিলাৰ আৱৰ্ত ভৱনত মঙলবাৰে সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৱে চৰকাৰ তথা ওদালগুৰি জিলা আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ সংবাদমেলত সংগঠনটোৱে একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক৷

ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক যুৱৰাজ সিঙৰ বিৰুদ্ধে গৰজি উঠি সংগঠনটোৱে গ্ৰেপ্তাৰ কৰা নেতাক মুকলি কৰি দিয়াৰ দাবী জনায়। এবিএমছুৰ কেন্দ্ৰীয় সভাপতি তথা সংখ্যালঘু নেতা লাফিকুল ইছলাম হত্যাকাৰীক শীঘ্ৰে আটক কৰাৰ দাবীত সংগঠনটোৱে যোৱা ১৩অক্টোবৰত বিটিচি বন্ধ ঘোষণা কৰিছিল৷ বন্ধৰ সময়ছোৱাত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহা সংগঠনটোৰ কলাইগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদকৰ লগতে আন এগৰাকী সদস্যক আৰক্ষীয়ে আটক কৰে।

ইয়াৰ পাছতে সংগঠনৰ বিষয়ববীয়াই আৰক্ষীৰ সৈতে যোগাযোগ কৰাত আৰক্ষীয়ে সন্ধিয়া ৫বজাৰ পাছত আটকাধীন সদস্য দুজনক এৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। কিন্তু সময় পাৰ হোৱাৰ লগে লগে আৰক্ষীয়ে সদস্য দুজনক এৰি দিয়াৰ পৰিবৰ্তে তেওঁলোকৰ ওপৰত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতে জাঙুৰ খাই উঠে সংগঠনটোৱে।

সমগ্ৰ ঘটনাৰ বাবে ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক যুৱৰাজ সিঙৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ সংগঠনটোৱে বিষয়াগৰাকীক সকীয়নী প্ৰদান কৰি অনতি পলমে সদস্য দুগৰাকীক মুকলি কৰি নিদিলে সংগঠনটোৱে তীব্ৰ আন্দোলনৰ গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে৷ আন্দোলনৰ ফলত যিকোনো পৰিস্থিতিৰ বাবে ৰাজ্য-বিটিচি চৰকাৰৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকী জগৰীয়া হব বুলি সংবাদ মেলত প্ৰকাশ কৰে এবিএমছুৱে।

১আগষ্টত কোকৰাঝাৰৰ তিতাগুৰিত দিন দুপৰতে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি লাফিকুল ইছলামক হত্যা কৰিছিল দুৰ্বৃত্তই। হত্যাকাণ্ডৰ আঢ়ৈ মাহ পাৰ হৈ যোৱাৰ পাছতো আজিকোপতি প্ৰকৃত হত্যাকাৰীক চিনাক্ত কৰি শাস্তি প্ৰদানত ব্যৰ্থ চৰকাৰখনৰ বিৰুদ্ধে সংগঠনটোৱে ১৩অক্টোবৰত বিটিচি বন্ধৰ আহ্বান জনাইছিল।