গোৰেশ্বৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলামক মঙলবাৰে দুপৰীয়া অচিনাক্ত দুৰ্বৃত্তই কোকৰাঝাৰত গুলীয়াই হত্যা কৰাৰ পিছতে আজি দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ ৰাজ্য। বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভোগপুৰত সমুহিয়াভাবে বন্তি প্ৰজ্বলন কৰে প্ৰতিবাদ সাব্যস্ত কৰে এবিএমছুৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে৷ সংখ্যালঘু শিক্ষা বিকাশ সমিতিৰ গোৰেশ্বৰ আঞ্চলিকৰ সহযোগত শতাধিক ৰাইজে সন্ধিয়া ৬-৩০ বজাত ভোগপুৰ চ'কত মম জলাই প্ৰাৰ্থনা কৰে লগতে হত্যাকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনাই।

NNO ৰঙিয়াঃ এবিএমছু সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। বাক্সা জিলাৰ খন্দিকৰত এবিএমছুৰ সদস্যই হাতে হাতে মম লৈ প্ৰতিবাদী সমদল উলিযায়। হত্যাকাৰীক আটক কৰা, উচ্চ পৰ্যায়ৰ তদন্ত কৰা, পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰী দিয়াৰ দাবীত উত্তাল চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰে সংগঠনটোৱে৷ 

NNO বাঘবৰঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ কেইবা ঠাইত এবিএমছুৰ সভাপতি লাফিকুল ইছলামক গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত বিভিন্ন দল-সংগঠন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চৰকাৰ হায় হায়, গৃহ বিভাগ হায় হায়, হাগ্ৰামা মহিলাৰী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায় ধ্বনিৰে কপাই তোলে আকাশ বতাহ। বাঘবৰৰ সত্ৰকণৰাত ৰাতিপুৱা ৫ বজাৰ পৰা পাঁচ ঘন্টীয়া বাঘবৰ-বৰপেটা সংযোগী পথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাৱস্ত কৰে ৰাইজে।

NNO ওৰাংঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাই ওৰাং আঞ্চলিক আমছু আৰু এবিএমছুই। আজি সন্ধিয়া ওৰাং চাৰিআলিত এবিএমছুৰ উদ্যোগত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে লাফিকুল ইছলামৰ বিদেহী আত্মাৰ শান্তি কামনা কৰে আমছু আৰু এবিএমছুৰ সদস্য সকলে। কাৰ্যসূচীত আমছুৰ জিলা সম্পাদক জেহেৰুল ইছলাম আৰু এবিএমছুৰ জিলা সমিতিৰ উপ-সভাপতি ৰফিকুল ইছলাম উপস্থিত থাকে।

NNO অভয়াপুৰীঃ অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ এবিএমছুৰৰ সভাপতি লাফিকুল ইছলাম তথা সংখ্যালঘু সম্প্ৰদায়ৰ এজন সুদক্ষ প্ৰতিবাদী কণ্ঠক দুষ্কৃতিকাৰীয়ে গুলিয়াই হত্যা কৰা আৰু বিটিএডিতৰ অবৈধ মাৰনাস্ত্ৰ জব্দ কৰাৰ দাবীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷