গোৰেশ্বৰঃ বিটিএডিত বিফিএফ কৰিলে হে পায় আঁচনিৰ সুবিধা৷ বিফিএফ নকৰিলে নাপায় কোনো সুবিধা৷ এই অভিযোগ অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাৰ৷ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ বিভিন্ন স্থানত অটল অমৃত অভিযানৰ অন্তৰ্গত স্বাস্থ্য বীমাৰ কাৰ্ড বনাই দিয়াৰ নামত ব্যাপক খেলিমেলি হা থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে অবড়ো নেতাগৰাকীয়ে এই অভিযোগ উত্থাপন কৰে।

যোৱা ১৪ আগষ্টত জিলাখনৰ ৫ নং গোৰেশ্বৰ গেৰুৱা গাঁৱত এনে কাৰ্ড বনাবলৈ অহাৰ পিছত সৃষ্টি হয় এনে এক খেলিমেলি। বাৰ্ষিক ৫ লাখৰ টকাৰ কম আয়ৰ সকলোৰে বাবে স্বাস্থ্য বীমাৰ এই সুবিধা চৰকাৰে দিব বিচাৰিছে যদিও একাংশ দালালে অটল অমৃত অভিযানৰ স্বাস্থ্য বীমাৰ কাৰ্ডক লৈ বিভিন্ন আভুৱা ভৰা কথাৰে ৰাইজক বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ উঠিছে। ১৪ আগষ্টৰ নিশা গেৰুৱাত ইয়াকেলৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰো।

একাংশ দালালে কেৱল মহিলাৰ বাবে চৰকাৰে প্ৰদান কৰা খাদ্য সুৰক্ষাৰ যোজনাৰ কাৰ্ডধাৰীয়েহে অটল অমৃত অভিযানৰ কাৰ্ডৰ বাবে যোগ্য বুলি প্ৰচাৰ কৰি অন্য সকলক বঞ্চিত কৰাৰ এক অভিসিন্ধি ৰচনা কৰিছে। খাদ্য সুৰক্ষাৰ কাৰ্ড আজিকোপতি লাভ কৰা নাই সেয়েহে তেওঁলোকে অটল অমৃতৰ কাৰ্ড নোপোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আন একাংশই আকৌ পোন্ধৰশ পৰ্য্যন্ত টকা উৎকোচলৈ খাদ্য সুৰক্ষাৰ কাৰ্ড বনাই দিয়াৰ অভিযোগ উঠিছে।

স্থানীয় ৰাইজে সমবায় সমিতিৰ একাংশ লোকে টকা লৈ খদ্য সুৰক্ষাৰকাৰ্ড বনাই দিব খোজাৰ অভিযোগ উত্থাপন হয়। ইপিনে বিপিএল-এপিএল সকলোৱে কেৱল ভোটাৰ পৰিচয় পত্ৰ জমা দিয়াৰ পিছতে বিনামূলীয়াকৈ অটল অমৃত অভিযানৰ কাৰ্ড লাভ কৰিছে যদিও গেৰুৱা গাঁৱত ভোটাৰ পৰিচয় পত্ৰৰ লগতে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড পৰ্য্যন্ত বিচাৰি ৰাইজক হাৰাশাস্তি দিয়াৰ অভিযোগ উঠিছে।

আনহাতে প্ৰতিখন কাৰ্ডৰ বাবদ সংগ্ৰহ কৰিছে দহ টকাকৈ। বছৰি ৫ লাখ টকাৰ কম উপাৰ্জনৰ লোকক বিপিএল আৰু এপিএল পৰিয়ালৰ সদস্যই অটল অমৃতৰ স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিব যদিও একাংশই চৰকাৰী চাকৰি থাকিলেই এই সুবিধা লাভ নকৰে বুলিও প্ৰচাৰ চলাইছে। ইপিনে এই ঘটনাক তীব্র ভাষাৰে নিন্দা কৰিছে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই।

একাংশ বিপিএফ দালালে চৰকাৰৰ যিকোনো আঁচনিৰ জৰিয়তে গাঁৱৰ মানুহক বিপিএফ কৰণ কৰিব বিচাৰিছে। বিপিএফ কৰাসকলক যিকোনো আঁচনিত সুবিধা পায় যদিও আন সকলক বঞ্চিত কৰিব বিচৰা বুলি মুকলি অভিযোগ উত্থাপন কৰে কলিতাই। বিটিএডিত বসবাস কৰা অবড়ো সকলক এনেদৰে ষড়যন্ত্রৰ বলি কৰি চৰকাৰী আঁচনিৰ লাভৰ পৰা আতৰাই ৰাখিব বিচৰা বুলি কলিতাই কয়।