গোৰেশ্বৰঃ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে যোৱা ১৫ ফেব্ৰুৱাৰীত পঞ্চাশ বছৰ পূৰ্ণ কৰে৷ ৰাজ্যৰ বিভিন্ন ঠাইত সংগঠনটোৱে সোণালী জয়ন্তীৰ বিভিন্ন কৰ্যসূচী পালন কৰি আহিছে। বাক্সা জিলাৰ গোৰেশ্বৰতো অহা ২২ ডিচেম্বৰত সোণালী জয়ন্তী উপলক্ষে বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব।

বেঙেনাহাটী প্ৰেক্ষাগৃহত  অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত ১০০ গৰাকী বড়ো ৰেডিঅ' আৰু দূৰদৰ্শন শিল্পীক ৰাজহুৱা সম্বৰ্ধনা যাচিব। এবছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী শুকুৰবাৰে গোৰেশ্বৰ এবছুৰ কাৰ্যালয়ত এবছুৰ এখন সংবাদ মেল অনুষ্ঠিত কৰি অসমীয়া ভাষী বড়ো গীতৰ ৰেডিঅ' শিল্পীকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হ'ব বুলি এবছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়।

এটি ছাত্ৰ সংগঠন হোৱাৰ পিছতো জাতীয় অনুষ্ঠান হেৱাৰ বাবে শিল্পী সকলক এনেদৰে ৰাইজৰ সম্মুখত চিনাকী কৰি দি সন্মান জনোৱা হ’ব বুলি কয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব যোৰহাট মিউজিক কলেজৰ অধ্যক্ষ প্ৰদীপ কুমাৰ ব্ৰহ্ম, অল ইণ্ডিয়া ৰেডিঅ'ৰ উপদেষ্টা দেৱেন বসুমতাৰী আৰু আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ সঞ্চালক চক্ৰধৰ বড়োৱে। ১৯৬৭ চনৰ ১৫ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা এবছুৱে বড়ো জনগোষ্ঠীৰ জাতীয় জীৱনত বিশেষ অৰিহণা যোগাই আহিছে৷