নলবাৰীঃ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি বানেশ্বৰ বসুমতাৰী গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ৰ ICU ত শনিবাৰৰ পৰা চিকিৎসাধীন হৈ আছে৷ এই খবৰ পোৱাৰ পিছতেই আজি কেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ এটি সঁজাতি দলে উপদেষ্টা মানাওগেদেৰ দৈমাৰীৰ নেতৃত্বত চিকিৎসালয়লৈ গৈ খবৰ লয়।

বানেশ্বৰ বসুমতাৰীৰ নেতৃত্বতে ১৯৬৭ চনৰ ১৫ ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ ট্ৰাইবেল ৰেষ্ট হাউছত নিখিল বড়ো ছাত্ৰ সন্থা নামৰ এটি ছাত্ৰ সংগঠন গঠন হৈছিল। সেই দিনাই সভাই বানেশ্বৰ বসুমতাৰীক সভাপতি আৰু কংকেশ্বৰ নাৰ্জাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ এটি শক্তিশালী এবছুৰ কেন্দ্ৰীয় সমিতি গঠন কৰিছিল। বানেশ্বৰ বসুমতাৰীৰ ঘৰ বাক্সা জিলাৰ ককলাবাৰীত।