
কোকৰাঝাৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শতকৰা উত্তীৰ্ণৰ হাৰ কোনটো বৰ্ষত কিমান হ'ব সেয়া দৰাচলতে উত্তৰ বহীৰ মূল্যায়নৰ ভিত্তিত নহয়, শিক্ষামন্ত্ৰী আৰু চৰকাৰেহে নিৰ্ধাৰণ কৰি আহিছে বুলি সদনত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বক্তব্য প্ৰদান কৰাৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে আজি সংবাদ মেলযোগে এনে কাণ্ডৰ বাবে শিক্ষামন্ত্ৰীগৰাকীকে দায়ী বুলি মন্তব্য কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে। ছাত্ৰ সংগঠনটোৰ সহঃ সাধাৰণ সম্পাদক খৌৰৌমদাও ওৱাৰীয়ে শিক্ষামন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ যোগ্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কয় যে উক্ত অভিযোগ যদি সত্য হয় তেনেহ'লে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে দায়ী।
♦ বড়ো মাধ্যমৰ বিদ্যালয়ত আন মাধ্যমৰ শিক্ষক নিযুক্তি
♦ সংবাদ মেলত অভিযোগ এবছুৰ সহঃ সাধাৰণ সম্পাদকৰ
আজি কোকৰাঝাৰৰ বাগানশালীস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছত আয়োজিত হোৱা এক সংবাদমেলত এবছুৰ সহ সাধাৰণ সম্পাদক খৌৰৌমদাও ওৱাৰীয়ে উক্ত মন্তব্য প্ৰকাশ কৰি চৰকাৰৰ গুণগত শিক্ষাৰ শ্লোগান প্ৰকৃততে যে ভূৱা সেয়া স্পষ্ট হৈ পৰিছে। প্ৰকৃততে চৰকাৰ শিক্ষাৰ দৰে মৌলিক অধিকাৰ খৰ্ব কৰাৰ দোষত দোষী বুলি মন্তব্যৰে খৌৰৌমদাও ওৱাৰীয়ে চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমুহক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মন্তব্য কৰিছে।
শৈক্ষিক বৰ্ষ আৰম্ভ হোৱাৰ পিছতো বিনামুলীয়া পাঠ্যপুথি যোগান নধৰা , ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি নিদিয়া, অপ্ৰাদেশীকৃত বিদ্যালয়সমুহক প্ৰাদেশীকৰণ নকৰা, বড়ো মাধ্যমৰ বিদ্যালয়ত আন মাধ্যমৰ শিক্ষক নিযুক্তি দিয়া, পাঠ্যপুথিত বাৰেপাচি ভুল থকা, বিদ্যালয়সমুহৰ আন্তগাঁথনিৰ উন্নয়ন নকৰা আদি ইত্যাদি কাৰ্যই প্ৰকৃততে যে চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচিছে সেয়া স্পষ্ট হৈ পৰিছে বুলি মন্তব্যৰে খৌৰৌমদাও ওৱাৰী চৰকাৰৰ শিক্ষানীতিক কঠোৰ ভাষাৰে গৰিহনা দিয়ে।
বিশেষকৈ বড়ো মাধ্যমৰ বিদ্যালয়ত শিক্ষা বিভাগে আন মাধ্যমৰ শিক্ষক নিযুক্তি দি বড়ো মাধ্যমৰ বিদ্যালয় ধ্বংস কৰাৰ ষড়যন্ত্ৰ কোনো কাৰণতে সহ্য কৰা নহব বুলি সকিয়নি দি খৌৰৌমদাও ওৱাৰীয়ে অতি শীঘ্ৰে চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহনৰ আহ্বান জনাইছে।
সংবাদমেলত এবছু নেতা গৰাকীয়ে অভিযোগ কৰে যে কেবাখনো বড়ো মাধ্যমৰ বিদ্যালয়ত চৰকাৰে উক্ত মাধ্যমৰ জ্ঞান নথকা শিক্ষকক নিযুক্তি দিছে। বিশ্বনাথৰ গহপুৰ বড়ো এমই বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে ৰূপ কোঁৱৰ মিলি, হিন্দী শিক্ষয়ত্ৰী হিচাপে হাজৰা খাতুন, লক্ষীমপুৰৰ কুলাবালী বড়ো প্ৰাথমিক বিদ্যালয়ত জ্যোতিৰ্ময় সৰকাৰ, কামৰূপৰ গুলীয়াপাৰা প্ৰাথমিক বিদ্যালয়ত অনন্ত কুমাৰ ঠাকুৰীয়াক নিযুক্তি দিয়া হৈছে যদিও এইসকল শিক্ষক-শিক্ষয়িত্ৰী বড়ো মাধ্যমৰ নহয় বুলি স্পষ্ট কৰি দিয়ে।
একেদৰে বাইনাভিটা প্ৰাথমিক বিদ্যালয়ত জয়ন্ত দাস, পাচিয়া প্ৰাথমিক বিদ্যালয়ত নাৰ্জিয়াৰা বেগম, ৰাজাখাট প্ৰাথমিক বিদ্যালয়ত পল্লবী প্ৰিয়া দাস, শোণিতপুৰৰ শিলিখাবাৰী প্ৰাথমিক বিদ্যালয়ত চিত্ৰলেখা দাস ,বৰপুখুৰী প্ৰাথমিক বিদ্যালয়ত বি. সৰকাৰ, হাগ্ৰাজান প্ৰাথমিক বিদ্যালয়ত জীবন নেপাল ,গড়মাৰা কছাৰি প্ৰাথমিক বিদ্যালয়ত ৰীনা দেৱীক নিযুক্তি দিয়াত বড়ো মাধ্যমৰ উক্ত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকল ক্ষতিগ্ৰস্ত হৈছে বুলি সদৰী কৰে।
ধেমাজীৰ নাহৰবাৰী নৱোদয় এমই বিদ্যালয়ত বিশ্বজিৎ বৰুৱা আৰু ৰশ্মি ৰেখা হাজৰিকা, পশ্চিম গোগামুখ প্ৰাথমিক বিদ্যালয়ত মায়াশ্ৰী চেতিয়া ফুকন , বৰডাণ্ডি এমই বিদ্যালয়ত প্ৰাণজিৎ শৰ্মা, সোমকং এমই বিদ্যালয়ত জীতেন তামুলি আৰু মধ্য মিংমং কদমগুৰী এমই বিদ্যালয়ত নিযুক্তি লাভ কৰা নিতুল দাসো বড়ো মাধ্যমৰ বিষয়ে অনভিজ্ঞ বুলি ছাত্ৰ নেতাজনে অভিযোগ কৰে।
উক্ত বিদ্যালয়সমূহ সম্পূৰ্ণভাৱে বড়ো মাধ্যমৰ বিদ্যালয় বুলি খৌৰৌমদাও ওৱাৰীয়ে প্ৰকাশ কৰি এই সন্দৰ্ভত চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহনৰ দাবী উত্থাপন কৰিছে। আজি বডোফা হাউচত আয়োজিত হোৱা সংবাদমেলত এবছুৰ শিক্ষা সম্পাদক কাষ্টন বসুমতাৰীও উপস্থিত আছিল।