
কোকৰাঝাৰঃ বড়ো মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া মাধ্যমৰ শিক্ষকক নিযুক্তি দিয়াৰ অভিযোগ তুলি নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে আজি সন্ধিয়া কোকৰাঝাৰত জোৰ লৈ সমদল বাহিৰ কৰে৷
এবছুৰ জিলা সমিতিৰ উদ্যোগত কোকৰাঝাৰ চহৰৰ বডোফা শিশু উদ্যান প্ৰাংগণৰ পৰা সন্ধিয়া ৬ বজাত উলিওৱা সমদলটোৱে চহৰখনৰ মুখ্যপথেদি শোভাযাত্ৰা কৰি বিভিন্ন শ্লোগানেৰে প্ৰগতি ভৱনৰ সন্মুখত সামৰণি পেলায়৷
সমদলৰ অন্তত এবছুৰ জিলা সভাপতি জনক উজীৰে দাবী কৰে যে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শেহতীয়াকৈ খালী পদৰ বিপৰীতে শিক্ষক নিযুক্তি দিছে যদিও শোণিতপুৰ জিলাৰ প্ৰায় ৯০ শতাংশ বড়ো মাধ্যমৰ বিদ্যালয়ত অসমীয়া মাধ্যমৰ শিক্ষককহে নিযুক্তি দিছে।
বাৰম্বাৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহত বড়ো মাধ্যমৰ কোনো জ্ঞান নথকা শিক্ষকক নিযুক্তি দিয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ থকা বুলি দাবী কৰি এইক্ষেত্ৰত ছাত্ৰনেতাজনে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়৷
আনহাতে বড়ো মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া মাধ্যমৰ শিক্ষক নিযুক্তি দিয়াটো বন্ধ নকৰিলে অনাগত দিনত এবছুৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'ব বুলিও হুংকাৰ দিছে এবছুৰ জিলা সভাপতি জনক উজীৰে৷
আজিৰ জোৰ সমদলত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ইউপিপিএলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মৰ লগতে ছাত্ৰ সংগঠনটোৰ প্ৰায় দুই শতাধিক কৰ্মী সদস্যই অংশগ্ৰহণ কৰে৷