
কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠন আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়ো সকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত সোমবাৰে ৰাজ্যৰ কুৰিটাতকৈ অধিক স্থানত পুনৰ বাৰৰ বাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰে নিখিল বড়ো ছাত্ৰ সন্থা(এবছু), এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমে।
পৃথক বড়োলেণ্ড গঠন আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসৱাস কৰা বড়ো সকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষাৰ দাবীত সোমবাৰে পুৱা ১০ বজাৰ পৰা সংগঠন তিনিটাৰ সহস্ৰাধিক কৰ্মী সদস্যই ৰাজ্যৰ কুৰিটাতকৈ অধিক মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত তিনিঘন্টীয়া ধৰ্না কাৰ্যসূচী পালন কৰাৰ সমান্তৰালভাৱে তেজেৰে প্ৰায় পঞ্চাশ হেজাৰ টীপ চহী স্বাক্ষৰেৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে৷
এক ব্যতিক্ৰমী কাৰ্যসূচীৰে সকলোৰে দৃষ্টি আকৰ্ষন কৰে এবছুৱে৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলা উপায়ুক্তৰ সমীপত থকা শিশু উদ্যানত এবছু, এনডিএফবি আৰু পিজেএচিবিএমৰ সহস্ৰাধিক নেতা, কৰ্মী, সদস্যই হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ বড়োলেণ্ড আমাৰ জন্মস্বত্ব অধিকাৰ, বড়োলেণ্ড নহলে ক্ষান্ত নহওঁ, এই ভূমি আমাৰেই, আদি শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷
ধৰ্না কাৰ্যসূচীৰ অন্তত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে নগা সমস্যাৰ দৰে বড়ো সমস্যাও সমাধানৰ বাবে পদক্ষেপ লোৱা উচিত বুলি মন্তব্য কৰিছে। চৰকাৰে আলোচনাৰ নামত কেৱল ভেকোভাওনাহে কৰি আছে বুলি মন্তব্যৰে চৰকাৰে দিয়া পূৰ্ব প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ বাবেহে আন্দোলন কৰিবলৈ এবছুৱে বাধ্য হোৱা বুলি কয়।
হৈছে আৰু অনাগত দিনত আন্দোলন অধিক তীব্ৰতৰ কৰা হব বুলি মন্তব্য কৰি কাৰ্যসূচীৰ পিছতো চৰকাৰে বড়ো সমস্যা সমাধানত গুৰুত্ব নিদিলে অহা ২৮ আৰু ২৯ নৱেম্বৰত দিল্লীত মহাৰেলী আৰু মহাধৰ্না, ডিচেম্বৰৰ প্ৰথম সপ্তাহত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ আৰু অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী লোৱা হ’ব বুলিও সদৰি কৰিছে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে৷