কোকৰাঝাৰঃ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে হৰিশংকৰ ব্ৰহ্ম সমিতিয়ে প্ৰকাশ কৰা ভূমি সম্পৰ্কীয় প্ৰতিবেদনক লৈ  বিৰূপ মন্তব্যক প্ৰদান কৰাত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে গৰিহণা দি বিধায়ক গৰাকীৰ মন্তব্যক অসাংবিধানিক আখ্যা দিছে ৷

আজি এক প্ৰেছ বিবৃতিযোগে এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত এগৰাকী জনপ্ৰতিনিধিৰ মুখত এনেধৰনৰ কথা বাহিৰ হোৱাটো গণতন্ত্ৰৰ বাবে চৰম দুৰ্ভাগ্যজনক বুলি কয়৷

ছাত্ৰ নেতাগৰাকীয়ে প্ৰেছ বিবৃতিযোগে কয় যে বিধায়ক শ্বেৰমান আলিয়ে জনা উচিত যে অসম চৰকাৰে সমগ্ৰ অসমৰ ভূমি জৰীপৰ বাবে সাত জনীয়া সমিতি গঠন কৰি দিছিল আৰু নেতৃত্ব বহন কৰিছিল হৰিশঙ্কৰ ব্ৰহ্মই ৷

তেনেক্ষেত্ৰত হৰিশংকৰ ব্ৰহ্ম আৰু প্ৰতিবেদন সন্দৰ্ভত বিধায়কগৰাকীয়ে যি মন্তব্য প্ৰকাশ কৰিছে সেয়া হৰিশংকৰ ব্ৰহ্মৰ ব্যক্তিগত মতামত নহয় বুলি কয় ছাত্ৰ নেতা লৰেন্স ইছলাৰীয়ে৷

বিধায়ক শ্বেৰমান আলীয়ে হৰিশঙ্কৰ ব্ৰহ্মক পাগল বুলি কোৱাটোৱে শিষ্টাচাৰৰ সীমা চেৰাই গৈছে বুলিও ছাত্ৰ নেতাগৰাকীয়ে কয়৷

আনহাতে শ্বেৰমান আলীয়ে এনে মন্তব্যৰ দ্বাৰা অসম বিধান সভাৰ মৰ্যদাও লাঘৱ কৰিছে বুলি উল্লেখ কৰি ভৱিষ্যতে সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত হ'ব পৰা মন্তব্য প্ৰদানৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে এবছুৰ নেতাগৰাকীয়ে৷