02
Nov
2017

খেৰণিঃ শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদত উত্তাল হ’ল পশ্চিম কাৰ্বি আংলঙৰ খেৰণি৷ কমিউনিষ্ট দল-সংগঠনক দেশদ্ৰোহী আখ্যা দি কেৰেলাত সংঘটিত হৈ থকা ৰাজনৈতিক হত্যাকাণ্ডৰ বিৰুদ্ধে খেৰণিত প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ খেৰণি শাখাই৷
বিক্ষোভ প্ৰদৰ্শন কাৰ্যসুচীত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লে-কাৰ্ড, বেনাৰ, ফেষ্টুন লৈ কমিউনিষ্ট দল-সংগঠনৰ বিৰুদ্ধে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ এবিভিপি জিন্দাবাদ, দেশদ্ৰোহী কমিউনিষ্ট হায় হায়, ৰাজনৈতিক হত্যা বন্ধ কৰক, ভাৰত মাতা কি জয়, বন্দে মাতৰম আদি শ্ল’গানেৰে খেৰণি আৰক্ষী নিৱেশৰ পৰা দৈনিক বজাৰৰ মাজেৰে পুনৰ আৰক্ষী নিৱেশৰ সন্মুখত সমদলৰ অন্ত পৰে৷