10
Aug
2017

কাছাৰঃ সততে শিক্ষা বিভাগৰ গাফিলতিৰ বাবে শিক্ষা মন্ত্ৰীক সমালোচনা কৰা দেখা যায়। শিক্ষা বিভাগৰ পৰিবৰ্তনৰ বাবে শিক্ষা মন্ত্ৰীগৰাকীৰ লগতে শিক্ষক-বিষয়া-কৰ্মচাৰী-পৰিদৰ্শকো সজাগ হ’ব লাগিব৷
শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকক পৰিবৰ্তন কৰাৰ চেষ্টা কৰি থকাৰ সময়তে কাছাৰ জিলাৰ কাটিগড়াৰ একাংশ বিদ্যালয়ৰ শিক্ষক সময় মতে উপস্থিত নথকাৰ অভিযোগ বহু দিনীয়া৷ তাৰ মাজতে এবিভিপিয়ে আজি ভাৰত-বাংলাদেশ সীমান্তৰ কাটিগড়াৰ ৰাজাটিলা উচ্চ মাধ্যমিক বিদ্যালয়ত অভিযান চলায়।
অভিযান কালত উচ্চ মাধ্যমিক বিদ্যালয়খন বন্ধ হৈ থকা প্ৰত্যক্ষ কৰে। এভিবিপিয়ে ১০ বজাত বিদ্যালয়খনৰ তলা ওলমি থকাত তথা প্রধান শিক্ষক ইছলাম উদ্দিনৰ কাণ্ডত হতভম্ব হৈ পৰে। এবিভিপিৰ নেতা বিশাল নাথে বিদ্যালয়খনৰ সমগ্ৰ পৰিৱেশৰ কথা প্ৰশাসনক অৱগত কৰিব বুলি জনাইছে।