
তেজপুৰঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৰাষ্ট্ৰীয়তাবাদী চিন্তা-চৰ্চাৰে দেশ গঠন প্ৰক্ৰিয়াক সহায় কৰাৰ লগতে প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। দেশ পুনৰ নিৰ্মাণ, দেশৰ ভৱিষ্যত সম্পদ নিৰ্মাণৰ দ্বাৰা অহৰ্নিশে কাম কৰি যোৱাৰ বাবে সংগঠনটোৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে তৃণমূল পৰ্যায়ত কাম কৰিবলৈ বদ্ধপৰিকৰ হৈছে। সংগঠনটোৱে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত দলৰ স্থিতি শক্তিশালী কৰাত মনোনিৱেশ কৰিছে। এই মন্তব্য ভেংকট দেৱ মহন্তৰ৷
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা সংযোজক ভেংকট দেৱ গোস্বামীয়ে বিহগুৰিত অনুষ্ঠিত সংগঠনটোৰ এখন বিশেষ সভাত অংশ লৈ ছাত্ৰসকল ভৱিষ্যত নাগৰিক, এইসকল শিক্ষাৰ্থীক আজি যদি দেশপ্ৰেমৰে উদ্বুদ্ধ কৰিব পৰা নাযায় তেন্তে দেশখন এটা কু-সংস্কাৰাচ্ছন্ন প্ৰজন্মৰ হাতত বিপদাপন্ন হ'ব বুলি কয়।
দেশ পুনৰ নিৰ্মাণৰ উদ্দেশ্য লৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শোণিতপুৰ জিলাৰ টুমুকী গাঁৱৰ যুঁৰীয়া আহত প্ৰাথমিক বিদ্যালয়ত এখনি বিশেষ বৈঠক অনুষ্ঠিত কৰে। বৈঠকত অখিল বিদ্যাৰ্থী পৰিষদৰ জিলা সংযোজক ভেংকট দেৱ মহন্তই আৰু কয়- ‘আন এখন ৰাজ্যৰ পৰা আহি অন্য এখন ৰাজ্যত বেপাৰ-বাণিজ্য কৰা সকলো ভাৰতীয়ৰে সমগ্ৰ দেশখনত বসতি স্থাপন কৰাৰ অধিকাৰ আছে, তেনেক্ষেত্ৰত দুই-এগৰাকী দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত অবাঞ্চিত ঘটনা এটাৰ গইনা লৈ একাংশ লোকে একোটা জাতিক আক্ৰমণ কৰা কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।'
আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মানস মেচে ক্ৰমশঃ বেয়াৰ দিশে গতি কৰা সামাজিক বাতাবৰণ প্ৰসংগত নাম উল্লেখ নকৰাকৈয়ে স্বাধীন অসমৰ দাবীত সংগ্ৰাম কৰি অহা সংগঠনক তাচ্ছিল্য কৰি কয়, ‘আমাক পৰম্পৰা শিকাই জংঘলৰ পৰা, আমি কি পিন্ধিম, কি ভাষাত কথা পাতিম। আমি শিক্ষা, বৃত্তিৰে চহকী হৈও জংঘলৰ পৰা দিয়া শ্ৰুতলিপি মানি চলাৰ পক্ষপাতী নহয়।'
বৈঠকত যুঁৰীয়া আহত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিষ্ণুৰাম দাস, সহকাৰী শিক্ষক লক্ষীকান্ত নাথ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা কাৰ্যনিৰ্বাহক সদস্য ৰাকেশ নাথ, প্ৰাক্তন কলেজ ইনচাৰ্জ তীৰ্থ দীপ নাথৰ লগতে বিদ্যালয়, মহাবিদ্যালয়ত অধ্যয়নৰত ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।