নলবাৰীঃ নলবাৰী জিলাৰ পশ্চিম দিশৰ বেলশৰ শ্বহীদ স্মৃতি কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে।

সদ্য ঘোষিত নিৰ্বাচনী ফলাফল মতে- উপ সভাপতি পদত মানবেন্দ্ৰ মিশ্ৰ, সাধাৰণ সম্পাদক পদত মনোজ বৰ্মন, আলোচনী সম্পাদকত বিকি দাস, তৰ্ক আৰু অধ্যয়ন চক্ৰ সম্পাদক নয়ন মণি বৈশ্য, গুৰু খেল নুপূৰ মেধি, লঘু খেল পংকজ দাস, ছাত্ৰ জিৰণী চৰা সুকুমাৰ বৰ্মন আৰু সমাজসেৱাত চম্পক ডেকাই জয় লাভ কৰে।

আটাইকেইগৰাকী নিৰ্বাচিত প্ৰাৰ্থীক এবিভিপিৰ ৰাজ্যিক সম্পাদক নয়ন জ্যোতি শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰিছে।