
newsnextone.com | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা সোনামুখী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনাত এজন বাইক আৰোহীৰ মৃত্যু হোৱাত অঞ্চলটোত শোকাময় পৰিৱেশৰ সৃষ্টি হয়।
জানিব পৰা মতে, শনিবাৰে আবেলি বিলাসীপাৰা ৮নং ৱাৰ্ডৰ দিলীপ দাস(৪২) নামৰ লোকজনে নিজৰ বাইকৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে সোনামুখী অভিমুখে গৈ থকা অৱস্থাত পিছফালৰ পৰা এখন বলেৰ পিক আপ ভেনে খুন্দা মৰাত বাইক আৰোহী জনৰ থিতাতে মৃত্যু হয়।
দাসৰ মৃত্যুদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে বিলাসীপাৰা থানা লৈ আনে আৰু মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা ব'লেৰ পিক আপ গাড়ীখন পুলিচে আটক কৰি শালকোচা থানালৈ লৈ যায়। এনে শোকাবহ দুৰ্ঘটনাত দিলীপ দাসৰ মৃত্যুত বিলাসীপাৰা অঞ্চলত শোকাকুল পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।