05
Oct
2017

কোকৰাঝাৰঃ কোকৰাঝাৰ থানাৰ অন্তৰ্গত মাগুৰমাৰীৰ ৰাজপথত আজি এগৰাকী মহিলা মটৰচাইকেলৰ পৰা বাগৰি পৰি থিতাতে নিহত হয়৷
নিহত মহিলাগৰাকীক কোকৰাঝাৰ চহৰৰ শান্তিনগৰৰ (ওৱাৰ্ড নং- ১) পিংকী বৰ্মন দাস (৩১) বুলি জনা গৈছে ৷
প্ৰাপ্ত বাতৰি মতে আজি পুৱা সঞ্জয় দাসে নিজৰ এ এছ ১৬ ই ৬১৫১ নম্বৰৰ মটৰচাইকেলৰে পত্নী পিংকী বৰ্মন দাসক লৈ ফকিৰাগ্ৰাম অভিমুখে তীব্ৰ বেগেৰে যাওঁতেই মটৰ চাইকেলৰ পিছপিনে বহি থকা পিংকী বৰ্মন দাস পকীপথৰ ওপৰতে বাগৰি পৰে আৰু ঘটনাস্থলীতে মৃত্যুমুখত পৰে।