বেজেৰাঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বেজেৰাত পবিত্ৰ ঈদৰ আনন্দ উলাহৰ মাজতে আজি আবেলি ৪-২০ বজাত এক পথ দুৰ্ঘটনাত এজন লোক গুৰুত্বৰ ভাবে আহত হয়৷

ঘটনাৰ বিৱৰণী অনুসৰি বেজেৰা সমীপৰ খেহেনীপাৰাৰ মহঃ মনজুল আলিৰ পুত্ৰ মোজামিল হকে (৩৬) বেজেৰাত ১৫ নং ৰাষ্ট্ৰীয় পথ পাৰ হ’ব লওতেই বাইহাটা চাৰিআলি অভিমুখি অল্টো গাড়ী এখনে খুন্দিয়াই থৈ যায়৷

দুৰ্ঘটনাৰ পোছত আহত ব্যক্তিগৰাকীক বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে পাছত জিএমচিএইচ লৈ প্ৰেৰণ কৰে।