
নাওকাটাঃ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ প্ৰভু আগৰৱালাৰ অধীনত নিৰ্মাণ হৈ থকা বগামাটি-বাইহাটা পথত অব্যাহত আছে শিল-বালি কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য।
আজি দিনৰ ভাগত বৰনদীৰ পৰা শিল-বালি কঢ়িয়াই অনা এছ ০১-এফচি-২৯৬৪ নম্বৰৰ তীব্ৰবেগী ডাম্পাৰে বাগসাৰ বাঙালীপাৰাত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত খুন্দিয়াই লণ্ড-ভণ্ড কৰাৰ লগতে কথমপি প্ৰাণৰক্ষা পৰে স্বত্বাধিকাৰী জয়কুমাৰ শৰ্মাৰ। শৰ্মাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ডাম্পাৰখন সোমাই যোৱাৰ লগতে গেলামাল দোকানখনত থকা বিভিন্ন সা-সামগ্ৰীও নষ্ট কৰি পেলায়।
দীৰ্ঘদিন ধৰি সৰ্বসাধাৰণ লোকৰ সমস্যাৰ প্ৰতি পিঠি দি নিজ খেয়াল-খুচিমতে কাম কৰি অহা ঠিকাদাৰগৰাকীৰ শেহতীয়া কৰ্মকাণ্ডই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তদুপৰি পথ নিৰ্মাণৰ নামতো ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।