কাৰ্বি আংলংঃ  উদ্যোগ নগৰী বোকাজানৰ শুকানজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি গধুলী ৬ বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ এএছ-০৯-চি-১১১২ নম্বৰৰ মালবাহী বলেৰ' পিকআপ গাড়ীখন সৰিয়হজান দিশৰ পৰা ইটা বোজাই কৰি ডিমাপুৰৰ অভিমুখে গৈ থকা অৱস্থাত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু ঘাইপথৰ কাষত বিপৰীত দিশে ৰৈ থকা এএছ ০৯-এ- ০৫৬৩ নম্বৰৰ এখন অটোৰিক্সাত প্ৰছণ্ড খুন্দা মাৰি গৈ কিছু নিলগতে ৰৈ থকা এএছ ০৯-এ- ০০২৮ নম্বৰৰ অন্য এখন অটোৰিক্সাতো খুন্দা মাৰে ৷ 

দুৰ্ঘটনাত পতিত হোৱা প্ৰথম অটোখনৰ চালক তথা গুৰুতৰভাৱে আহত কাৰ্তিক দেৱ আৰু সামান্যভাৱে আঘাটপ্ৰাপ্ত আৰোহী বিটু দাসক ঘটনাস্থলীত উপস্থিত ৰাইজে চিকিৎসাৰ বাবে ততাতৈয়াকৈ বোকাজান খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আনহাতে দ্বিতীয়খন অটোত কোনো নাছিল যদিও অটোখনৰ সন্মুখভাগ কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে প্ৰথম অটোখন সম্পূৰ্ণৰূপে ধ্বংসস্তুপত পৰিণত হয় ৷

 

উল্লেখযোগ্য যে ঘটনাস্থলীত উপস্থিত থকা ৰাইজে বলেৰ' পিকআপ গাড়ীখনৰ চালকজনক কৰায়ক্ত কৰি আৰক্ষীক চমজাই দিয়াৰ বিপৰীতে গাড়ীখনৰ ষ্ট্ৰেয়াৰিং বিকল হোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয় বুলি চালকজনে জানিবলৈ দিয়ে ৷

প্ৰাণদ্বীপ চেতিয়া,ব্যুৰ' কাৰ্বি আংলং