The Siasat Daily
The Siasat Daily

গোলকগঞ্জঃ ধুবুৰী জিলাৰ আগমনিত ভয়ংকৰ পথ দুৰ্ঘটনা হোৱাৰ ফলত এজন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, আজি AS-18-5708 নম্বৰৰ ট্ৰাক এখনে বিপৰীত দিশৰ পৰা অহা AS-17B-0547 নম্বৰৰ যাত্ৰী কঢ়িওৱা টাটা মেজিকক তীব্ৰ বেগত খুন্দা মৰাৰ লগতে শশী মোহন ৰায়(55) নামৰ এজন ছাইকেল আৰোহীকো খুন্দা মাৰে। ফলত থিতাতে নিহত হয় চাইকেল আৰোহী ৰায়।

প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে, অতিৰিক্ত শিল ভৰ্তি থকাৰ কাৰণে এই পথ দুৰ্ঘটনা সংঘটিত হয়। উল্লেখ্য যে, জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগক অতিৰিক্ত শিল তথা বিভিন্ন সামগ্ৰী কঢ়িওৱা মালবাহী ট্ৰাক বিলাকৰ ওপৰত বিহিত ব্যবস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী জনাইছে স্থানীয় ৰাইজে।